NORTHEAST NOW (Assamese)

আকৌ ভূমিকম্প; জোকাৰি গ’ল গুৱাহাটীকে ধৰি ৰাজ্যখনৰ বহু অঞ্চল

May 15, 2021 8:56 am · এন ই নাও নিউজ
Updated: May 15, 2021 9:07 am

শনিবাৰে পুৱা ৮.৩৩ বজাত পুনৰ এক মৃদু ভূমিকম্পই জোকাৰি গ’ল গুৱাহাটী  মহানগৰীকে ধৰি ৰাজ্যৰ বিভিন্ন অঞ্চল।

নেশ্যনেল চেন্টাৰ ফৰ ছেইছম’লজিৰ পৰা জানিব পৰা মতে ভূমিকম্পটো ৰিখটাৰ স্কেলত ৩.৯মেগনিটিউডৰ আছিল।

ভূমিকম্পটোৰ উৎপত্তিস্থল মধ্য অসমৰ শোণিতপুৰ জিলাৰ তেজপুৰৰ উত্তৰ পশ্চিম দিশে ৪১কিলোমিটাৰ আঁতৰত আছিল।

ভূমিকম্পটোৰ গভীৰতা আছিল ভূগৰ্ভৰ ১৬ কিলোমিটাৰ গভীৰত।

ভূমিকম্পটোৰ ফলত কোনো ক্ষয়ক্ষতিৰ বিষয়ে জানিব পৰা হোৱা নাই।

জানিব পৰা মতে, গুৱাহাটীৰ উপৰি নগাওঁ, কলিয়াবৰ, মৰিগাওঁ, কাৰ্বি আংলং আদিতো ভূমিকম্পটোৰ জোকাৰণি অনুভূত হয়।

Related News