• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

সুখবৰ! নিউয়ৰ্ক ইণ্ডিয়ান ফিল্ম ফেষ্টিভেলত প্ৰদৰ্শিত হ’ব অসমীয়া ছুটি ছৱি- উৎপল বৰপুজাৰীৰ ‘শগুন’

এন ই নাও নিউজ by এন ই নাও নিউজ
May 15, 2021 9:08 am
298
VIEWS
Share on FacebookShare on Twitter

২১সংখ্যক নিউয়ৰ্ক ইণ্ডিয়ান ফিল্ম ফেষ্টিভেললৈ নিৰ্বাচিত হৈছে এখন অসমীয়া চুটি ছৱি।

‘শগুন’ নামৰ এই ছুটি ছৱিখনৰ পৰিচালক উৎপল বৰপুজাৰী।

জনপ্ৰিয় গল্পকাৰ তথা সাংবাদিক মনোজ কুমাৰ গোস্বামীৰ এটা বহু প্ৰশংসিত ছুটি গল্পৰ আধাৰত নিৰ্মাণ কৰা ছুটি ছৱিখন আইএফটি ইণ্ডিয়াই প্ৰযোজনা কৰিছে।

৪ৰ পৰা ১৫ জুনলৈকে ভাৰ্চুৱেলি অনুষ্ঠিত হ’ব লগা চিনেমা মহোৎসৱখনলৈ ‘শগুন’ৰ উপৰিও দেশৰ ১৫টা ভাষাৰ ৫৮খনকৈ চিনেমা, ডকুমেণ্টৰী আৰু ছুটি ছৱি নিৰ্বাচিত হৈছে।

ইয়াৰ পূৰ্বে ছুটি ছৱিখনে গুৱাহাটী চিনে ক্লাবে আয়োজন কৰা ১৩সংখ্যক গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ ছুটি ছৱিৰ শিতানত শ্ৰেষ্ঠ ছৱিৰ সন্মান লাভ কৰিছিল।

ইয়াৰ উপৰিও ভাৰতৰ ছুটি ছৱি আৰু ডকুমেণ্টেৰী চিনেমা মহোৎসৱৰ ভিতৰত অন্যতম থিৰুৱন্তপুৰমৰ ১৩সংখ্যক ছাইনছ ফেষ্টিভেলত ‘শগুন’ক প্ৰদৰ্শিত কৰা হৈছিল।

গল্পকাৰ গোস্বামীৰ ছুটি গল্পৰ আধাৰতে নিৰ্মাণ কৰা ছুটি ছৱিখন বাডুংডুপ্পা কলা কেন্দ্ৰৰ সহযোগত গোৱালপাৰাৰ আগিয়া অঞ্চলত দৃশ্যগ্ৰহণ কৰা হৈছিল।

ছৱিখনত আধুনিক যুগৰ সাংবাদিকতাৰ কিছু কঠিন দিশ শক্তিশালীভাৱে উপস্থাপন কৰা হৈছে।

ছৱিখনত প্ৰতিষ্ঠিত অভিনেতা সঞ্জীৱ হাজৰিকা আৰু ধনঞ্জয় নাথৰ উপৰিও নৱাগত প্ৰতিভা ৰিমঝিম ডেকা, অংকিত শাণ্ডিল্যই অভিনয় কৰিছে।

ইয়াৰ উপৰিও শিশু অভিনেতা কপিল গাৰো, অনুৰাগ ৰাভা, ফণীভূষণ ৰাভা আৰু আশীষ ৰাভাই ছৱিখনত ভুমুকি মাৰিছে।

পৰিচালক উৎপল বৰপুজাৰীয়ে জনাইছে যে ছৱিখনত উপস্থাপন কৰা সাংবাদিকতা আৰু ইয়াৰ স’তে জড়িত কেতবোৰ বিষয়বস্তুক মনোজ কুমাৰ গোস্বামীৰ ছুটি গল্পটোৱে সুন্দৰভাৱে প্ৰতিফলিত কৰিছিল।

বৰপুজাৰীয়ে জনায় যে ছুটি ছৱিখনৰ সাংবাদিকতাৰ ক্ষেত্ৰখনত দেখা দিয়া দুৰ্নীতিসমূহ, যেনে- পেইড নিউজ, ফেক নিউজ, ৰাজনৈতিক আৰু কৰ্প’ৰেট হাউচসমূহৰ প্ৰভাৱ- ইত্যাদিকো উপস্থাপন কৰা হৈছে।

”এই ছুটি ছৱিখন এই সকলো বিষয়ৰ এক গভীৰ বাস্তৱিক প্ৰতিফলন।”- পৰিচালকজনে কয়।

Recent News

মহিলা অবিহনে পুৰুষে জন্ম দিব সন্তান! সফল পৰীক্ষা এন্দুৰত, মানুহৰ ক্ষেত্ৰটো সম্ভৱ হ’ব পাৰে ভৱিষ্যতে?

মহিলা অবিহনে পুৰুষে জন্ম দিব সন্তান! সফল পৰীক্ষা এন্দুৰত, মানুহৰ ক্ষেত্ৰটো সম্ভৱ হ’ব পাৰে ভৱিষ্যতে?

শীৰ্ষ বিষয়াক অ’ফিচৰ পৰা টানি উলিয়াই আনি চৰম শাৰীৰিক নিৰ্যাতন বিজেপি কৰ্মীৰ; স্তম্ভিত সকলো

শীৰ্ষ বিষয়াক অ’ফিচৰ পৰা টানি উলিয়াই আনি চৰম শাৰীৰিক নিৰ্যাতন বিজেপি কৰ্মীৰ; স্তম্ভিত সকলো

এক কৰুণ কাহিনী! পৰিয়ালৰ সকলো সদস্যক হেৰুৱাই মানসিক ভাবে ভাগি পৰা অনুপক তিনি বছৰৰ পিছত সংকটজনক অৱস্থাত উদ্ধাৰ

এক কৰুণ কাহিনী! পৰিয়ালৰ সকলো সদস্যক হেৰুৱাই মানসিক ভাবে ভাগি পৰা অনুপক তিনি বছৰৰ পিছত সংকটজনক অৱস্থাত উদ্ধাৰ

পৰ্যটকৰ ট্ৰেকিংৰ সময়ত গাইড থাকিবই লাগিব; ৰাজা হত্যাকাণ্ডৰ পিছত মেঘালয় চৰকাৰৰ নিৰ্দশনা

পৰ্যটকৰ ট্ৰেকিংৰ সময়ত গাইড থাকিবই লাগিব; ৰাজা হত্যাকাণ্ডৰ পিছত মেঘালয় চৰকাৰৰ নিৰ্দশনা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd