DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 6, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বাক্সাৰ নাগ্ৰীজুলিত দুগৰাকী কোভিড আক্ৰান্তৰ মৃত্যু; আক্ৰান্ত ২১ গৰাকী

দীপক কুমাৰ পাঠক by দীপক কুমাৰ পাঠক
May 15, 2021 7:55 am
Covid in Nagrijuli

কোভিডত আক্ৰান্ত হৈ মৃত্যুক আকোৱালি লোৱা নাগ্ৰীজুলিৰ চত্ৰ বাহাদুৰ থাপা। ফটো: নৰ্থইষ্ট নাও।

213
VIEWS
Share on FacebookShare on Twitter

বাক্সা জিলাৰ নাগ্ৰীজুলিত দুগৰাকী কোভিড আক্ৰান্তৰ মৃত্যু হৈছে। বাক্সা জিলাৰ নাগ্ৰীজুলিৰ সিদ্ধিনাথপূৰ গাঁওৰ গোপাল দাস (৪৭) নামৰ এজনৰ বৰপেটা মেডিকেল কলেজ হাস্পাতালত চিকিৎসাধীন অৱস্থাত বৃহস্পতিবাৰে নিশা মৃত্যু হৈছে।

গোপালক নাগ্ৰীজুলি আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল আৰু সংকটজনক অৱস্থাত বুধবাৰে বৰপেটাৰ ফখৰুদ্দিন আলি আহমেদ চিকিৎসা মহবিদ্যায় ও হাস্পাতাললৈ প্ৰেৰণ কৰা হৈছিল। চিকিৎসাধীন অৱস্থাতেই মৃত্যু ঘটে গোপালৰ।

আনহাতে, নাগ্ৰীজুলিৰ গুৱাবাৰীৰ চত্র বাহাদুৰ থাপা নামৰ আন এগৰাকী ৩৬ বছৰীয়া যুৱকৰো কোভিড আক্ৰান্ত হৈ মৃত্যু হয়।

চত্ৰ বাহাদুৰ থাপাকো বৃহস্পতিবাৰে আবেলি নাগ্ৰীজুলি আদৰ্শ চিকিৎসালয়ৰ কোভিড কেয়াৰ কেন্দ্ৰত  ভৰ্তি কৰোৱা হৈছিল। সন্ধিয়া তেওঁৰ অৱস্থা সংকটজনক হোৱাত উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা হয় যদিও গুৱাহাটীলৈ নি থকাৰ পথত বৃহস্পতিবাৰে নিশাই চত্ৰই মৃত্যুবৰণ কৰে।

মৃত চত্ৰক নিশাই নাগ্ৰীজুলি আদৰ্শ স্বাস্থ্য কেন্দ্ৰলৈ লৈ অনা হয় আৰু শুকুৰবাৰে তামুলপুৰ মহকুমা প্ৰশাসনে কোভিড বিধিৰে চত্ৰৰ মৃতদেহ সৎকাৰ কৰাৰ ব্যৱস্থা কৰে।

ইপিনে শুকুৰবাৰে নাগ্ৰীজুলিৰ বিভিন্ন অঞ্চলত ২০৩ গৰাকী লোকৰ ৰেপিড এন্টিজেন টেষ্ট কৰোৱা হয় আৰু ইয়াৰে ২১ গৰাকী লোকৰ দেহত কোভিডৰ সংক্ৰমণ ধৰা পৰে।

ইয়াৰ ভিতৰত নাগ্ৰীজুলি চাহ বাগিছাত ১৫০ গৰাকী লোকৰ কোভিড পৰীক্ষা কৰা হয় আৰু চাহ বাগিচাত ১২ গৰাকী লোকৰ দেহত কোভিডৰ সংক্ৰমণ ধৰা পৰাৰ বিপৰীতে নাগ্ৰীজুলিৰ অন্যান্য অঞ্চলত আন ৯ গৰাকী লোকৰ দেহত ধৰা পৰে কোভিডৰ সংক্ৰমণ।

তামুলপুৰ খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অধীনৰ বিভিন্ন অঞ্চলত আন ১৭ গৰাকীৰ দেহত ধৰা পৰে কোভিডৰ সংক্ৰমণ।

শুকুৰবাৰৰ দিনটোত তামুলপুৰ খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অধীনত মুঠ ৩৮ গৰাকী লোকৰ দেহত কোভিড সংক্ৰমণ ধৰা পৰে।

বিগত কেইটামান দিনত সমগ্ৰ তামুলপুৰ মহকুমাত কোভিডৰ সংক্ৰমণ ভয়াবহ ভাৱে বৃদ্ধি হোৱাৰ লগতে তামুলপুৰ খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অধীনত মুঠ তিনি গৰাকী লোক কোভিড আক্ৰান্ত হৈ মৃত্যু মুখত পৰিছে।

Tags: COVID-19

Recent News

Lalu Prasad Yadav health

অসুস্থ লালু প্ৰসাদ যাদৱ: ফোন যোগে স্বাস্থ্যৰ বুজ ল’লে প্ৰধানমন্ত্ৰী মোদীয়ে

Terrorism in Jammu-Kashmir

পিতৃ-মাতৃৰ অনুৰোধ ৰক্ষা: কাশ্মীৰত আত্মসমৰ্পণ দুই সন্ত্ৰাসবাদী সদস্যৰ

Flood in Assam

বান সাহায্য ব্যৱস্থা নিশ্চিত কৰাৰ উদ্দেশ্যে ৰাজ্যপালৰ হস্তক্ষেপ বিচাৰিলে তৃণমূল কংগ্ৰেছে

Vehicle Scrappage Policy

পুৰণি বাহনৰ বাতিলৰ বাবে ভেহিক’ল স্ক্ৰেপেজ পলিচীত অনুমোদন ৰাজ্যিক কেবিনেটৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd