NORTHEAST NOW (Assamese)

গুৱাহাটীকে ধৰি অসমৰ বিভিন্ন স্থানত ভূমিকম্পৰ জোকাৰণি

July 19, 2019 3:04 pm · এন ই নাও নিউজ
Updated: July 19, 2019 3:19 pm

আজি সমগ্ৰ ৰাজ্যৰ লগতে গুৱাহাটী মহানগৰীকে ধৰি ইয়াৰ উপকণ্ঠ অঞ্চলক এটা মজলীয়া ধৰণৰ ভূমিকম্পই জোকাৰি যায়।  দুপৰীয়া প্ৰায় ২ বাজি ৫০ মিনিটত অনুভূত হৈছিল ভূমিকম্পৰ জোকাৰণিটো।

ভূমিকম্পৰ প্ৰাবল্য ৰিখটাৰ স্কেলত প্ৰায় ৫.৯  বুলি জানিব পৰা গৈছে আৰু উৎপত্তি স্থান অৰুণাচল প্ৰদেশ বুলি খবৰ লাভ কৰা হৈছে।

প্ৰায় ১৫ ছেকেণ্ড মান সময় ধৰি সমগ্ৰ অসমকে ধৰি গুৱাহাটী মহানগৰীৰ লগতে ইয়াৰ উপকণ্ঠ অঞ্চলসমূহত অব্যাহত আছিল  ভূমিকম্পৰ জোকাৰণি। উজনি অসমৰ বিভিন্ন স্থানত ভূমিকম্পৰ প্ৰাবল্য গুৱাহাটী মহানগৰীৰ তুলনাত অধিক আছিল। তিনিচুকীয়া, যোৰহাট, বিশ্বনাথ আদি স্থানত ভূমিকম্পৰ জোকাৰণিত ৰাইজ সংকিত হৈ পৰে।

ইফালে ভূমিকম্পৰ ফলত মহানগৰীৰ এপাৰ্টমেণ্ট তথা অট্টালিকাত বাস কৰা লোকসকল বাহিৰলৈ ওলাই আহি নিৰাপদ স্থানত আশ্ৰয় লয়।

উল্লেখ্য যে বৰ্তমান সময়লৈকে গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ অন্য প্ৰান্তৰ পৰা ভূমিকম্পৰ ফলত কোনোধৰণৰ ক্ষয়-ক্ষতি হোৱা নাই বুলি জানিব পৰা গৈছে।

Related News