গুৱাহাটীত বৃদ্ধি পালে গাখীৰৰ মূল্য; প্ৰতিলিটাৰত ৫টকাতকৈ অধিক দাম বৃদ্ধি

শনিবাৰে প্ৰকাশ পোৱা তথ্য অনুসৰি গুৱাহাটীত বৃদ্ধি পালে গাখীৰৰ মূল্য৷ শেহতীয়াকৈ প্ৰতি লিটাৰ গাখীৰৰ মূল্য ৫.৫০ টকা বৃদ্ধিৰ কথা ঘোষণা কৰাৰ পাছত গুৱাহাটীত দেখা পোৱা গৈছে তীব্ৰ প্ৰতিক্ৰিয়া৷

মূল্যবৃদ্ধিৰ পাছত গুৱাহাটীত এক লিটাৰ গাখীৰৰ পাইকাৰী মূল্য ৬২ টকালৈ বৃদ্ধি পালে। ইয়াৰ পূৰ্বে মহানগৰ আৰু উপকণ্ঠ অঞ্চলত প্ৰতি লিটাৰত ৫৬.৫০ টকাকৈ এক লিটাৰ গাখীৰ বিক্ৰী হৈছিল।

ইফালে গাখীৰৰ পাইকাৰী হাৰ বৃদ্ধিৰ ফলত খুচুৰা মূল্যও বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। লাভ কৰা তথ্য অনুসৰি গাখীৰৰ খুচুৰা মূল্য প্ৰতি লিটাৰত প্ৰায় ৭৫.৮০ টকা হোৱাৰ সম্ভাৱনা আছে।ইয়াৰ পূৰ্বে গুৱাহাটীত প্ৰতি লিটাৰ গাখীৰৰ খুচুৰা মূল্য আছিল ৬৫.৭০ টকা।

বিগত বৰ্ষৰ জুলাই মাহত গুৱাহাটীত প্ৰতি লিটাৰ গাখীৰৰ মূল্য ৪ টকা বৃদ্ধি কৰা হৈছিল। অসম চেম্বাৰ অৱ কমাৰ্চে মূল্যবৃদ্ধিৰ বিষয়ে অৱগত কৰিছিল।চেম্বাৰৰ তথ্য অনুসৰি ৪ টকা বৃদ্ধিৰ ভিতৰত ৩.৫ টকা পোনপটীয়াকৈ দুগ্ধ পালকৰ হাতলৈ যোৱাৰ বিপৰীতে বাকী ০.৫ টকা ব্যৱসায়িক প্ৰতিষ্ঠানলৈ যায়।

বৃহত্তৰ গুৱাহাটী দুগ্ধ উৎপাদক সন্থাই যোৱা বছৰ গাখীৰৰ মূল্য বৃদ্ধিৰ সিদ্ধান্ত লোৱাৰ কেইসপ্তাহমানৰ পাছতে গাখীৰৰ মূল্য বৃদ্ধিৰ ঘোষণা কৰিছিল।