লিডুৰ মাইনিং কোম্পানীত উত্তপ্ত পৰিস্থিতি : প্ৰাপ্যৰ পৰা বঞ্চিত কৰি কোম্পানীৰ পলোৱাৰ প্ৰচেষ্টা

Screenshot_20190705_175934

ফটো : নৰ্থইষ্ট নাও

উত্তৰ পূব কয়লা ক্ষেত্ৰ, মাৰ্ঘেৰিটাৰ অন্তৰ্গত  ঠিকাভিত্তিক মাইনিং কোম্পানীসমূহত কৰ্মৰত শ্ৰমিক-কৰ্মচাৰী সকলৰ অৰ্থনৈতিক ভৱিষ্যত সুৰক্ষিত  নহয়। যিহেতু তিনিবছৰ বা সৰ্বাধিক পাঁচ বছৰলৈ ঠিকা লাভ কৰা মাইনিং কোম্পানীয়ে পুনৰ ঠিকা লাভ নকৰিলেই কৰ্মৰত শ্ৰমিক-কৰ্মচাৰী সকল কৰ্মসংস্থাপনহীন হৈ পৰে।

১৯৮০-৮২ চনৰ পৰা ঠিকাভিত্তিক কয়লা খনন কৰা বহু মাইনিং কোম্পানী আহিছে আৰু গৈছে। এনে মাইনিঙত সংস্থাপিত একাংশই নতুন কোম্পানীত মকৰল হয়। কিন্তু সিংহভাগেই মকৰল নহয়। যাৰ ফলত নিমিষতে কৰ্মসংস্থাপনহীন হৈ পৰে একাংশ সাধাৰণ শ্ৰমিক কৰ্মচাৰী৷

শেহতীয়াকৈ এম এছ বি জি আৰ এণ্ড ইনফা লিমিটিডে নামৰ কোম্পানীটোত কৰ্মৰত তিনিশতাধিক শ্ৰমিক কৰ্মচাৰী কৰ্মসংস্থাপনহীন হৈ পৰিছে। কোম্পানীটোৱে কোনো ধৰণৰ উপযুক্ত কাৰণ প্ৰৰ্দশন নকৰাকৈ  টিৰাপ কয়লা খনন ক্ষেত্ৰৰ সকলো কাম কাজ বন্ধ কৰি দিয়াত ৩০০ৰো অধিক কৰ্মচাৰীৰ ভৱিষ্যত অনিশ্চিত হৈ পৰিছে।

ক’ল ইণ্ডিয়া তথা কৰ্মচাৰী সকলৰ সৈতে ৫বছৰৰ বাবে চুক্তিবদ্ধ হোৱা এম এছ বি জি আৰ এণ্ড ইনফা লিমিটেড নামৰ কোম্পানীটোৱে যোৱা ২৪ মে’ত এখন জাননী জাৰি কৰি কৰ্মচাৰী সকলক কামৰ পৰা অব্যাহতি দিয়ে।

উল্লেখিত জাননী খননত কোনো ধৰণৰ কাৰণ উল্লেখ নকৰাকৈ হায়দৰাবাদত মুখ্যকাৰ্যালয় থকা এই কোম্পানীটোৱে এইদৰে কাম বন্ধ কৰি দিয়াত ৩০০ৰো  অধিক কৰ্মচাৰীৰ জীৱনলৈ শংকা কঢ়িয়াই আনিছে। আনকি শ্ৰম আইন অনুযায়ী পাবলগীয়া বিভিন্ন সা-সুবিধাৰ পৰা বঞ্চিত কৰাৰ প্ৰচেষ্টা চলোৱাৰো অভিযোগ উঠিছে।

শুকুৰবাৰে একাংশ শ্ৰমিক কৰ্মচাৰীয়ে কোম্পানীৰ কাৰ্যালয়ত উপস্থিত হৈ টায়াৰ জ্বলাই এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে আৰু প্ৰাপ্য আদায় দিবলৈ দাবী জনায়।

শ্ৰমিক সকলে অভিযোগ কৰা মতে, ইতিমধ্যে কোম্পানীটোক  ডেক’ নামৰ অন্য মাইনিং কোম্পানী এটাক গটাই পলায়ন কৰাৰ প্ৰস্তুতি চলাইছে। ডেক’ নামৰ মাইনিং কোম্পানীটোৱে ইতিমধ্যে কোম্পানীৰ বিভিন্ন যন্ত্ৰ পাতি গাড়ী চমজি ল’বৰ বাবে সকলো প্ৰস্ততি সম্পন্ন কৰিছে।

জানিব পৰা মতে বিজি আৰ নামৰ কোম্পানীটোৰ বৰ্তমান দেউলীয়া অৱস্থা। ইতিমধ্যে অন্য ৰাজ্যত থকা দুটাৰ লগতে লিডুৰ কোম্পানীটোৰ কাম বন্ধ হৈছে। ফলত তিনি শতাধিক স্থানীয় শ্ৰমিক-কৰ্মচাৰীৰ জীৱনলৈ অন্ধকাৰ নামি অহাৰ উপক্ৰম হৈছে।

মাইনিং কোম্পানী সমূহে এইদৰে স্থানীয় শ্ৰমিক-কৰ্মচাৰীৰ জীৱনকলৈ হেতালি খেলাৰ সময়তে উত্তৰ পূব কয়লা ক্ষেত্ৰই মাইনিং কোম্পানী সমূহক নাকী লগাব নোৱাৰৰ বাবে অনিশ্চিত ভৱিষ্যতৰ দিশে গতি কৰা শ্ৰমিক সকল অধিক ক্ষুব্ধ হৈ পৰিছে।