NORTHEAST NOW (Assamese)

কংগ্ৰেছৰ সূতা-কম্বলৰ ৰাজনীতিক গৰিহণা দিয়া বিজেপিৰ মন্ত্ৰীক ৰঙিয়াত মহিলাই ঘেৰাও কৰিলে সূতা বিতৰণৰ অনিয়মৰ অভিযোগত

August 13, 2018 8:07 pm · এন ই নাও নিউজ

বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ জলসিঞ্চন বিভাগৰ মন্ত্ৰী তথা ৰঙিয়া সমষ্টিৰ বিজেপি দলৰ বিধায়ক ভৱেশ কলিতাক আজি বিধায়কজনৰ নিজৰ সমষ্টিতে ক্ষুব্ধ মহিলাৰ এটা দলে বহু সময় ধৰি ঘেৰাও কৰে।

মহিলাসকলে বিধায়কজনক অভিযোগ কৰে যে তেওঁলোকক চৰকাৰী সূতাৰ পৰা ইচ্ছা কৰি বঞ্চিত কৰা হৈছে। তেওঁলোকৰ নাম স্থানীয় প্ৰতিনিধিয়ে ভৰাই দিলেও পিছত কোনোবাই কাটি দিয়ে।

আনহাতে প্ৰকৃত হিতাধিকাৰীৰ পৰিৱৰ্তে একাংশ চৰকাৰী চাকৰিয়াল তথা বিজেপি নেতা-কৰ্মীৰ পৰিয়ালেহে সূতাকে আদি কৰি বিভিন্ন চৰকাৰী আঁচনিবোৰৰ সুবিধাবোৰ লাভ কৰে অভিযোগ কৰে ক্ষুব্ধ মহিলাসকলে।

স্বাভাৱিকতে অপ্ৰস্তুত হৈ পৰা মন্ত্ৰীজনে হাঁহি হাঁহি মহিলাসকলক বুজনি দিয়াৰ চেষ্টা কৰা দেখা গ’ল।

উল্লেখযোগ্য যে বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ সভাবোৰত ‘সূতা-কম্বলৰ ৰাজনীতি কৰা’ বুলি কংগ্ৰেছক সমালোচনা কৰিছিল বিজেপি দলটোৱে।

Related News