কৃতী ছাত্ৰীক স্কুটী প্ৰদান: ভেন্সাৰ শিক্ষানুষ্ঠানৰ প্ৰতি দায়সৰা মন্তব্য মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ

WhatsApp Image 2021-01-02 at 3.22.19 PM

ফটো: নৰ্থইষ্ট নাও।

বৰপেটা জিলা প্ৰশাসনৰ উদ্যোগত আৰু অসম চৰকাৰৰ উচ্চ শিক্ষা বিভাগৰ প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষা২০২০ত প্ৰথম বিভাগত উত্তীৰ্ণ ছাত্ৰী সকলক ড০ বাণীকান্ত কাকতি মেধা বঁটা প্ৰদান কৰা হয় ৷

বৰপেটা চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত শনিবাৰে অনুষ্ঠিত এক সভাৰ জৰিয়তে স্কুটী প্ৰদান কৰা হয় ৷

এই কাৰ্যসূচীত মুখ্য অতিথি হিচাবে উপস্থিত থাকে ৰাজ্যখনৰ পৰিবহন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ৷

সভাখনত বৰপেটাৰ বিধায়ক গুণীন্দ্ৰ নাথ দাস, জিলা উপায়ুক্ত মুনীন্দ্ৰ শৰ্মা, এ পি জি চি এলৰ অধ্যক্ষ শংকৰ চন্দ্ৰ দাস, কৃষি বিপননৰ উপাধ্যক্ষ মনোজ বৰুৱা, অসম বিত্তীয় নিগমৰ উপাধ্যক্ষ অনিল দাস, অসম উদ্যোগিক নিগমৰ উপাধ্যক্ষ জিতু তালুকদাৰ, সমাজকৰ্মী নগেন চৌধুৰী, জিলা পৰিবহন বিষয়া হিমাংশু দাসৰ লগতে বিভিন্ন বিভাগৰ মুৰব্বী সকল উপস্থিত থাকে ৷

জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাই আঁত ধৰা এই অনুষ্ঠানতে আনুষ্ঠানিকভাবে পাঁচগৰাকী ছাত্ৰীক স্কুটী প্ৰদান কৰা হয় ৷ উল্লেখ্য যে, বৰপেটা জিলাৰ মুঠ ১৪৩০ গৰাকী ছাত্ৰীক স্কুটী প্ৰদান কৰা হব ৷

সাংবাদিকৰ আগত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে কয় যে, বৰ্তমান কংগ্ৰেছ দলে মিছা প্ৰতিশ্ৰুতি পালন কৰি আহিছে ৷ বিজেপি দলে নিৰ্বাচনৰ সময়ত যিবোৰ প্ৰতিশ্ৰুতি দিছিল সেই আটাইবোৰ প্ৰতিশ্ৰুতি পূৰণ কৰা বুলি তেওঁ মন্তব্য আগবঢ়ায়৷

ভেন্সাৰ শিক্ষানুষ্ঠানৰ প্ৰতিশ্ৰুতি আজিলৈ পূৰণ নহ’ল বুলি সাংবাদিকে সোধাত মন্ত্ৰী পাটোৱাৰী কিছু বিব্ৰত হৈ পৰে আৰু প্ৰাদেশিকীৰণ আইন প্ৰনয়ন কৰা বুলি কৈয়ে দায়িত্ব সামৰে মন্ত্ৰী গৰাকীয়ে ৷