NORTHEAST NOW (Assamese)

ফণীভূষণৰ ধমক বস্তু আছে দাম বাঢ়িলে নহ’ব; কিমান হ’ব মহানগৰীত আলু-পিয়াজৰ মূল্য ?

June 14, 2019 9:26 pm · কল্পজ্যোতি শইকীয়া
Updated: June 15, 2019 7:18 am
প্ৰতনিধিত্বমূলক আলোকচিত্ৰ

কামৰূপ মহানগৰ জিলাত আলু-পিয়াজৰ মূল্য নিয়ন্ত্ৰণ কৰিবৰ বাবে কঢ়া নিৰ্দেশনা দিছে খাদ্য আৰু যোগান বিভাগৰ ৰাজ্যিক মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে।

আজি বিভাগীয় মন্ত্ৰীগৰাকীৰ সৈতে গ্ৰাহক সুৰক্ষা সংস্থা, পাইকাৰী ব্যৱসায়ী সংস্থা আৰু খুচুৰা ব্যৱসায়ী সংস্থাই গুৱাহাটী অতিথি শালাত এখন বৈঠকত মিলিত হয়।

উক্ত বৈঠকত অসাধু ব্যৱসায়ীসকলক নাকী লগাবৰ বাবে তিনিও পক্ষই কেতবোৰ সিদ্ধান্ত গ্ৰহণ কৰে।

বৈঠকত গ্ৰহণ কৰা সিদ্ধান্তৰ অন্তত চৌধুৰীয়ে সংবাদ মাধ্যমৰ আগত কয় ‘‘সমগ্ৰ মহানগৰতে আলু-পিয়াজৰ দাম একেটাই হ’ব লাগিব। পাইকাৰী দৰতকৈ আলুত ৪ টকা আৰু পিয়াজত ৬ টকা বেছিকৈ খুচুৰা ব্যৱসায়ীসকলে গ্ৰাহকৰ পৰা ল’ব পাৰিব’’।

তাৰোপৰি, কামৰূপ জিলা প্ৰশাসনে নিৰ্ধাৰণ কৰা মূল্যতহে খুচুৰা আৰু পাইকাৰী ব্যৱসায়ীসকলে আলু-পিয়াজ বিক্ৰী কৰিব পাৰিব বুলি চৌধুৰীয়ে উল্লেখ কৰি কয় ‘গুদামত এতিয়াও মজুত আছে আলু-পিয়াঁজ। লগতে তেওঁ সামগ্ৰীৰ মূল্য নিৰীক্ষণৰ বাবে স্কোৱাড টীম গঠন কৰা হৈছে বুলিও উল্লেখ কৰে যিয়ে মহানগৰীৰ অসাধু ব্যৱসায়ীসকলৰ বিৰুদ্ধে অভিযান চলাব।

আনহাতে, বৈঠকত অংশগ্ৰহণ কৰি গ্ৰাহক সুৰক্ষা সংস্থাৰ সম্পাদক বুবুল চৌধুৰীয়ে কয় ‘গ্ৰাহক সুৰক্ষা সংস্থাই গ্ৰাহকৰ সকাহৰ বাবে তথা যুক্তি-যুক্ত দামত সামগ্ৰীসমূহ ক্ৰয় কৰিব পাৰে আৰু যাতে অসাধু ব্যৱসায়ীয়ে গ্ৰাস কৰিব নোৱাৰে এই সন্দৰ্ভত বৈঠকত আলোচনা কৰা হয়।‘

তদুপৰি, প্ৰত্যেক মাহতে গ্ৰাহক সুৰক্ষা সংস্থা, পাইকাৰী আৰু খুচুৰা ব্যৱসায়ী সংস্থাক লগত লৈ যোগান মন্ত্ৰীগৰাকী মাহেকীয়া হিচাপত আলোচনাত মিলিত হ’ব বুলি মন্ত্ৰীয়গৰাকীয়ে বৈঠকত আশ্বাস দিয়ে বুলি তেওঁ জনায়।

ইপিনে, জিলা প্ৰশাসনে নিৰ্দ্ধাৰণ কৰি দিয়া আলু-পিয়াজৰ মূল্যই কামৰূপ মহানগৰ জিলাৰ সকলো বজাৰতে বাহাল থাকিব বুলি লগতে তেওঁ উল্লেখ কৰে।

এই নিৰ্দেশনা উলংঘন কৰিলে ব্যৱসায়ীৰ ওপৰত আইনী ব্যৱস্থা লোৱা হ’ব বুলি সদৰী কৰি তেওঁ কয় ‘ব্যৱসায়ীসকলে নিজৰ দোকানত নামফলকত আলু-পিয়াজৰ সঠিক দাম লিখিব লাগিব, যাতে গ্ৰাহকে ইয়াৰ সঠিক মূল্যৰ বিষয়ে অৱগত হয়।‘

Related News