NORTHEAST NOW (Assamese)

ৰাঙলুত মন্ত্ৰী ৰাজেন গোহাঁইৰ কনভয়ৰ বাহন মহতিয়াই নিলে টেংকাৰে

November 27, 2018 9:51 am · এন ই নাও নিউজ
মন্ত্রী গোহাঁইৰ কনভয়ৰ দুৰ্ঘটনাত পতিত বাহনখন। ফটো : নৰ্থইষ্ট নাও

নগাঁৱৰ ৰাঙলুত সোমবাৰে হোৱা এটা পথ দুৰ্ঘটনাত কেন্দ্ৰীয় ৰাজ্যিক ৰে’ল মন্ত্ৰী ৰাজেন গোহাঁইৰ কনভয় দুৰ্ঘটনাগ্ৰস্ত হয়। কামপুৰ চাইবুক গাঁৱত পঞ্চায়ত নিৰ্বাচনৰ নিৰ্বাচনী প্ৰচাৰ চলাই থকাৰ সময়তে এই দুৰ্ঘটনাটো সংঘটিত হয় বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে, কামপুৰত পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ চলাই থকাৰ সময়তে তেলৰ টেংকাৰে ৰাজেন গোহাঁইৰ কনভয় মহতিয়াই নিয়ে। দুৰ্ঘটনাটোত কথমপি প্ৰাণ ৰক্ষা চালক সহ কেইবাজনো লোকৰ। অৱশ্যে, দুৰ্ঘটনাটোত চাৰিজন আৰক্ষী জোৱান আহত হোৱাৰ বিষয়ে জানিব পৰা গৈছে।

দুৰ্ঘটনাগ্ৰস্ত মন্ত্ৰীজনৰ কনভয়ৰ বাহনখনৰ নম্বৰ এএছ৩০-৮০৬৯। আনহাতে, টেংকাৰখনৰ নম্বৰ হ’ল এ এছ ০২ এচ – ৯৪৮৭। ঘটনা সংঘটিত হোৱাৰ পাছতে ঘটনাস্থলীত আৰক্ষী বিভাগৰ লোক উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰে।

Related News