• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পঞ্চায়ত নিৰ্বাচন : নগাঁৱত ৯৫৮ টা স্পৰ্শকাতৰ, ২২৬ টা অতি স্পৰ্শকাতৰ ভোটগ্ৰহণ কেন্দ্ৰ

মিণ্টু দাস by মিণ্টু দাস
November 27, 2018 9:18 am
নগাঁও নির্বাচন

পঞ্চায়ত নিৰ্বাচন সন্দৰ্ভত সোমবাৰে নগাওঁৰ উপায়ুক্তৰ সংবাদমেল। ফটো ন নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নগাঁও জিলাত অহা ৫ ডিচেম্বৰত অনুষ্ঠিত হ’ব লগীয়া প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ বাবে নগাঁও জিলা প্ৰশাসনে গ্ৰহণ কৰা প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে। সুকলমে পঞ্চায়ত নিৰ্বাচন পৰিচালনা কৰা আৰু নিৰ্বাচনৰ সময়চোৱাত সমগ্ৰ কাম-কাজ পৰ্যবেক্ষণৰ বাবে ৰাজ্যিক নিৰ্বাচনী আয়োগে জিলাখনত ইতিমধ্যে দুগৰাকী পৰ্যবেক্ষক নিয়োগ কৰিছে।

নগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত সোমবাৰে অনুষ্ঠিত এক সংবাদ মেলত জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৱে সাংবাদিকক জানিবলৈ দিয়ে যে নগাঁও আৰু কলিয়াবৰ মহকুমাৰ অন্তৰ্গত মুঠ ২৯ টা জিলা পৰিষদ সমষ্টিত মুঠ ৮৬ গৰাকী নিৰ্বাচনত অৱতীৰ্ণ হৈছে।

Apply Now

আনহাতে, নগাঁও আৰু কলিয়াবৰ মহকুমাৰ অন্তৰ্গত মুঠ ১৭২টা গাঁও পঞ্চায়তৰ সভাপতি আৰু আঞ্চলিক সদস্য পদত ক্ৰমে ৫২৩ গৰাকী, ৪৭১ গৰাকীৰ প্ৰাৰ্থীৰ লগতে মুঠ ১৪৩০ পঞ্চায়ত সদস্য পদৰ বিপৰীতে ৪০২৩ গৰাকী প্ৰাৰ্থী নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হৈছে।

উল্লেখ্য যে, জিলাখনৰ বিভিন্ন গাঁও পঞ্চায়তৰ অন্তৰ্গত মুঠ ৩৩ গৰাকী পঞ্চায়ত সদস্য বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে বুলি উপায়ুক্তগৰাকীয়ে জানিবলৈ দিছে। ইপিনে, জিলাখনত মুঠ ১৮১১ টা ভোটগ্ৰহণ কেন্দ্ৰ স্থাপন কৰা হৈছে। ইয়াৰে ৯৫৮ টা স্পৰ্শকাতৰ আৰু ২২৬টা অতি স্পৰ্শকাতৰ কেন্দ্ৰ হিচাপে চিহ্নিত কৰা হৈছে।

এইবাৰৰ নিৰ্বাচনত মুঠ ৯,৫০,২৫১ জন ভোটাৰে নিজৰ ৰাজনৈতিক অধিকাৰ সাব্যস্ত কৰিব। ইয়াৰে পুৰুষ ভোটাৰৰ সংখ্যা হৈছে ৪৮৮,১০৭ আৰু মহিলা ভোটাৰৰ সংখ্যা হৈছে ৪৬,২১৪৪ জন।

আনহাতে, নগাঁও জিলাত পঞ্চায়ত নিৰ্বাচনৰ বাবে ১৫০৩ টা ভোটগ্ৰহণ কেন্দ্ৰত প্ৰয়োজন ৭,৫১৫ জন ভোটগ্ৰহণ বিষয়া-কৰ্মচাৰী। জিলাখনত ইয়াৰ বাবে ৮,২৬৫ জন কৰ্মচাৰীক নিয়োগ কৰা হৈছে। ৰিজাৰ্ভ পোলিং পাৰ্ছনেল হিচাপে ৰখা হৈছে ৭৫০ জন কৰ্মচাৰীক।

সংবাদ মেলখনত জিলা আৰক্ষী অধীক্ষক শংকৰব্ৰত ৰায় মেধীয়ে কয় যে আগন্তুক পঞ্চায়তৰ বাবে জিলাখনৰ নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে। জিলাখনত নিৰাপত্তাৰ দিশটো চোৱা-চিতাৰ বাবে ৭ টা খণ্ডত বিভক্ত কৰি কেবাটাও ফ্লায়িং স্কোৱাডৰ দ্বাৰা দণ্ডাধীশৰ সহায়ত অনবৰতে পহৰাৰ ব্যৱস্থা কৰা হৈছে।

জিলাখনৰ প্ৰতিটো ভোট গ্ৰহণ কেন্দ্ৰত দুজনকৈ আৰক্ষীৰ লোক নিয়োজিত কৰা হ’ব বুলি উল্লেখ আৰক্ষী অধীক্ষকগৰাকীয়ে কয় যে ইয়াৰ বাবে গৃহৰক্ষী বাহিনীৰ লোকসহ তিনি সহস্ৰাধিক আৰক্ষীৰ লোক নিয়োজিত কৰা হ’ব। জিলাখনত উদ্ভৱ হ’ব পৰা সমগ্ৰ আইন-শৃংখলা পৰিস্থিতি মোকাবিলা কৰিবলৈ ইতিমধ্যে অতিৰিক্ত ১০টা নিৰাপত্তা বাহিনীৰ কোম্পানী বিচৰা হৈছে। প্ৰসংগক্ৰমে তেওঁ যুৱ প্ৰজন্মক নিৰ্বাচনৰ সময়চোৱাত কোনো কাৰণতে আবেগিক নহ’বলৈ আহ্বান জনায়।

উল্লেখ্য যে, নগাঁও জিলা প্ৰশাসনে তিনিটা স্থানৰ পৰা পঞ্চায়ত নিৰ্বাচনৰ সকলো কাম-কাজ কৰিবলৈ নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়, নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয় আৰু নগাঁও ডচন হাইস্কুল চূড়ান্ত কৰাৰ লগতে নগাঁও নেহৰুবালি আৰু ডচন হাইস্কুল খেলপথাৰৰ পৰা সকলো যান-বাহন নিৰ্বাচন কেন্দ্ৰলৈ নিয়াৰো ব্যৱস্থা কৰিছে। এই ক্ষেত্ৰত ইতিমধ্যে জিলা প্ৰশাসনে প্ৰয়োজনীয় সৰু-ডাঙৰ গাড়ী অধিগ্ৰহণ প্ৰক্ৰিয়াও সমাপ্ত কৰিছে।

সংবাদ মেলখনত নগাঁও জিলাৰ পৰ্যবেক্ষক হিচাপে নিয়োগ কৰা দুই পৰ্যবেক্ষক মুনীন্দ্ৰ শৰ্মা, অনুজা ভূঞা, জিলা অতিৰিক্ত উপায়ুক্তদ্বয় জয়ন্ত বৰা আৰু লাচিত কুমাৰ দাসৰ লগতে জিলা জনসংযোগ বিষয়া সমৰ কলিতা উপস্থিত থাকে।

উল্লেখ্য যে, নগাঁও সদৰ মহকুমাৰ  জিলা পৰিষদ সমষ্টিৰ অন্তৰ্গত চাৰিটা পঞ্চায়তৰ চাৰিজন পঞ্চায়ত সদস্য পদত কোনো এজন প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ নহ’ল। এই কেইটা পঞ্চায়ত সদস্য হৈছে বগৰীগুৰি, ১ নং ভোমোৰাগুৰি, ২ নং ডিমৌ আৰু চামগুৰি গ্ৰান্ট গাঁ‌ও পঞ্চায়ত সদস্য পদ।

মিণ্টু দাস

মিণ্টু দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘জেন জি’লৈ ভয় মুখ্যমন্ত্ৰীৰ! চিজেপি নেতাৰ গ্ৰেপ্তাৰৰ ঘটনাক অগণতান্ত্ৰিক আখ্যা সোণেশ্বৰ নৰহৰ

‘জেন জি’লৈ ভয় মুখ্যমন্ত্ৰীৰ! চিজেপি নেতাৰ গ্ৰেপ্তাৰৰ ঘটনাক অগণতান্ত্ৰিক আখ্যা সোণেশ্বৰ নৰহৰ

September 27, 2026 9:38 pm
নিটৰ পাছত এইবাৰ নিৰ্বাচন আয়োগ! চিজেপিৰ আন্দোলনলৈ মুকলি সমৰ্থন সোণম ৱাংচুকৰ

নিটৰ পাছত এইবাৰ নিৰ্বাচন আয়োগ! চিজেপিৰ আন্দোলনলৈ মুকলি সমৰ্থন সোণম ৱাংচুকৰ

September 27, 2026 8:54 pm
দেশৰ ৰাজনীতিত দল বাগৰাৰ জোৱাৰ! চাৰি বছৰত ১১১ গৰাকী সাংসদ-বিধায়কে সলালে দল

দেশৰ ৰাজনীতিত দল বাগৰাৰ জোৱাৰ! চাৰি বছৰত ১১১ গৰাকী সাংসদ-বিধায়কে সলালে দল

September 27, 2026 8:10 pm
ডিগ্ৰীধাৰী যুৱপ্ৰজন্মই কিয় নাপায় চাকৰি? নীতি আয়োগৰ প্ৰতিবেদনত পোহৰলৈ আহিল নিবনুৱা সমস্যাৰ ভয়ংকৰ তথ্য

ডিগ্ৰীধাৰী যুৱপ্ৰজন্মই কিয় নাপায় চাকৰি? নীতি আয়োগৰ প্ৰতিবেদনত পোহৰলৈ আহিল নিবনুৱা সমস্যাৰ ভয়ংকৰ তথ্য

September 27, 2026 6:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘জেন জি’লৈ ভয় মুখ্যমন্ত্ৰীৰ! চিজেপি নেতাৰ গ্ৰেপ্তাৰৰ ঘটনাক অগণতান্ত্ৰিক আখ্যা সোণেশ্বৰ নৰহৰ

‘জেন জি’লৈ ভয় মুখ্যমন্ত্ৰীৰ! চিজেপি নেতাৰ গ্ৰেপ্তাৰৰ ঘটনাক অগণতান্ত্ৰিক আখ্যা সোণেশ্বৰ নৰহৰ

September 27, 2026 9:38 pm
নিটৰ পাছত এইবাৰ নিৰ্বাচন আয়োগ! চিজেপিৰ আন্দোলনলৈ মুকলি সমৰ্থন সোণম ৱাংচুকৰ

নিটৰ পাছত এইবাৰ নিৰ্বাচন আয়োগ! চিজেপিৰ আন্দোলনলৈ মুকলি সমৰ্থন সোণম ৱাংচুকৰ

September 27, 2026 8:54 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd