DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 26, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

পঞ্চায়ত নিৰ্বাচন : নগাঁৱত ৯৫৮ টা স্পৰ্শকাতৰ, ২২৬ টা অতি স্পৰ্শকাতৰ ভোটগ্ৰহণ কেন্দ্ৰ

মিণ্টু দাস by মিণ্টু দাস
November 27, 2018 9:18 am
নগাঁও নির্বাচন

পঞ্চায়ত নিৰ্বাচন সন্দৰ্ভত সোমবাৰে নগাওঁৰ উপায়ুক্তৰ সংবাদমেল। ফটো ন নৰ্থইষ্ট নাও

312
VIEWS
Share on FacebookShare on Twitter

নগাঁও জিলাত অহা ৫ ডিচেম্বৰত অনুষ্ঠিত হ’ব লগীয়া প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ বাবে নগাঁও জিলা প্ৰশাসনে গ্ৰহণ কৰা প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে। সুকলমে পঞ্চায়ত নিৰ্বাচন পৰিচালনা কৰা আৰু নিৰ্বাচনৰ সময়চোৱাত সমগ্ৰ কাম-কাজ পৰ্যবেক্ষণৰ বাবে ৰাজ্যিক নিৰ্বাচনী আয়োগে জিলাখনত ইতিমধ্যে দুগৰাকী পৰ্যবেক্ষক নিয়োগ কৰিছে।

নগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত সোমবাৰে অনুষ্ঠিত এক সংবাদ মেলত জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৱে সাংবাদিকক জানিবলৈ দিয়ে যে নগাঁও আৰু কলিয়াবৰ মহকুমাৰ অন্তৰ্গত মুঠ ২৯ টা জিলা পৰিষদ সমষ্টিত মুঠ ৮৬ গৰাকী নিৰ্বাচনত অৱতীৰ্ণ হৈছে।

আনহাতে, নগাঁও আৰু কলিয়াবৰ মহকুমাৰ অন্তৰ্গত মুঠ ১৭২টা গাঁও পঞ্চায়তৰ সভাপতি আৰু আঞ্চলিক সদস্য পদত ক্ৰমে ৫২৩ গৰাকী, ৪৭১ গৰাকীৰ প্ৰাৰ্থীৰ লগতে মুঠ ১৪৩০ পঞ্চায়ত সদস্য পদৰ বিপৰীতে ৪০২৩ গৰাকী প্ৰাৰ্থী নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হৈছে।

উল্লেখ্য যে, জিলাখনৰ বিভিন্ন গাঁও পঞ্চায়তৰ অন্তৰ্গত মুঠ ৩৩ গৰাকী পঞ্চায়ত সদস্য বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে বুলি উপায়ুক্তগৰাকীয়ে জানিবলৈ দিছে। ইপিনে, জিলাখনত মুঠ ১৮১১ টা ভোটগ্ৰহণ কেন্দ্ৰ স্থাপন কৰা হৈছে। ইয়াৰে ৯৫৮ টা স্পৰ্শকাতৰ আৰু ২২৬টা অতি স্পৰ্শকাতৰ কেন্দ্ৰ হিচাপে চিহ্নিত কৰা হৈছে।

এইবাৰৰ নিৰ্বাচনত মুঠ ৯,৫০,২৫১ জন ভোটাৰে নিজৰ ৰাজনৈতিক অধিকাৰ সাব্যস্ত কৰিব। ইয়াৰে পুৰুষ ভোটাৰৰ সংখ্যা হৈছে ৪৮৮,১০৭ আৰু মহিলা ভোটাৰৰ সংখ্যা হৈছে ৪৬,২১৪৪ জন।

আনহাতে, নগাঁও জিলাত পঞ্চায়ত নিৰ্বাচনৰ বাবে ১৫০৩ টা ভোটগ্ৰহণ কেন্দ্ৰত প্ৰয়োজন ৭,৫১৫ জন ভোটগ্ৰহণ বিষয়া-কৰ্মচাৰী। জিলাখনত ইয়াৰ বাবে ৮,২৬৫ জন কৰ্মচাৰীক নিয়োগ কৰা হৈছে। ৰিজাৰ্ভ পোলিং পাৰ্ছনেল হিচাপে ৰখা হৈছে ৭৫০ জন কৰ্মচাৰীক।

সংবাদ মেলখনত জিলা আৰক্ষী অধীক্ষক শংকৰব্ৰত ৰায় মেধীয়ে কয় যে আগন্তুক পঞ্চায়তৰ বাবে জিলাখনৰ নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে। জিলাখনত নিৰাপত্তাৰ দিশটো চোৱা-চিতাৰ বাবে ৭ টা খণ্ডত বিভক্ত কৰি কেবাটাও ফ্লায়িং স্কোৱাডৰ দ্বাৰা দণ্ডাধীশৰ সহায়ত অনবৰতে পহৰাৰ ব্যৱস্থা কৰা হৈছে।

জিলাখনৰ প্ৰতিটো ভোট গ্ৰহণ কেন্দ্ৰত দুজনকৈ আৰক্ষীৰ লোক নিয়োজিত কৰা হ’ব বুলি উল্লেখ আৰক্ষী অধীক্ষকগৰাকীয়ে কয় যে ইয়াৰ বাবে গৃহৰক্ষী বাহিনীৰ লোকসহ তিনি সহস্ৰাধিক আৰক্ষীৰ লোক নিয়োজিত কৰা হ’ব। জিলাখনত উদ্ভৱ হ’ব পৰা সমগ্ৰ আইন-শৃংখলা পৰিস্থিতি মোকাবিলা কৰিবলৈ ইতিমধ্যে অতিৰিক্ত ১০টা নিৰাপত্তা বাহিনীৰ কোম্পানী বিচৰা হৈছে। প্ৰসংগক্ৰমে তেওঁ যুৱ প্ৰজন্মক নিৰ্বাচনৰ সময়চোৱাত কোনো কাৰণতে আবেগিক নহ’বলৈ আহ্বান জনায়।

উল্লেখ্য যে, নগাঁও জিলা প্ৰশাসনে তিনিটা স্থানৰ পৰা পঞ্চায়ত নিৰ্বাচনৰ সকলো কাম-কাজ কৰিবলৈ নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়, নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয় আৰু নগাঁও ডচন হাইস্কুল চূড়ান্ত কৰাৰ লগতে নগাঁও নেহৰুবালি আৰু ডচন হাইস্কুল খেলপথাৰৰ পৰা সকলো যান-বাহন নিৰ্বাচন কেন্দ্ৰলৈ নিয়াৰো ব্যৱস্থা কৰিছে। এই ক্ষেত্ৰত ইতিমধ্যে জিলা প্ৰশাসনে প্ৰয়োজনীয় সৰু-ডাঙৰ গাড়ী অধিগ্ৰহণ প্ৰক্ৰিয়াও সমাপ্ত কৰিছে।

সংবাদ মেলখনত নগাঁও জিলাৰ পৰ্যবেক্ষক হিচাপে নিয়োগ কৰা দুই পৰ্যবেক্ষক মুনীন্দ্ৰ শৰ্মা, অনুজা ভূঞা, জিলা অতিৰিক্ত উপায়ুক্তদ্বয় জয়ন্ত বৰা আৰু লাচিত কুমাৰ দাসৰ লগতে জিলা জনসংযোগ বিষয়া সমৰ কলিতা উপস্থিত থাকে।

উল্লেখ্য যে, নগাঁও সদৰ মহকুমাৰ  জিলা পৰিষদ সমষ্টিৰ অন্তৰ্গত চাৰিটা পঞ্চায়তৰ চাৰিজন পঞ্চায়ত সদস্য পদত কোনো এজন প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ নহ’ল। এই কেইটা পঞ্চায়ত সদস্য হৈছে বগৰীগুৰি, ১ নং ভোমোৰাগুৰি, ২ নং ডিমৌ আৰু চামগুৰি গ্ৰান্ট গাঁ‌ও পঞ্চায়ত সদস্য পদ।

Recent News

Assam govt buy PPE kits from China

চীনৰ পৰা সঁচাকৈয়ে পি পি ই কিট ক্ৰয় কৰিছিল নে অসম চৰকাৰে! ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনে নাকচ কৰিলে কিট ক্ৰয়ৰ দাবী

Asia Cup 2022: ভাৰতীয় হকী দলে গণি গণি ১৬টা গোল দিলে ইন্দোনেছিয়াক; প্ৰৱেশ কৰিলে ছুপাৰ-৪ত

Asia Cup 2022: ভাৰতীয় হকী দলে গণি গণি ১৬টা গোল দিলে ইন্দোনেছিয়াক; প্ৰৱেশ কৰিলে ছুপাৰ-৪ত

যুদ্ধৰ খৱৰ: ইউক্ৰেইনৰ পিছত পুটিনৰ লক্ষ্য হ’ব শ্লোভাকিয়া; ক’লে এডুয়াৰ্ড হিগাৰে

যুদ্ধৰ খৱৰ: ইউক্ৰেইনৰ পিছত পুটিনৰ লক্ষ্য হ’ব শ্লোভাকিয়া; ক’লে এডুয়াৰ্ড হিগাৰে

ৰেড কাৰ্পেটৰ আঁৰত: কানত হলীউদৰ নায়ক লিওনাৰ্ডোৰ দৃষ্টি কাঢ়িলে ভাৰতৰ উৰ্বশীয়ে

ৰেড কাৰ্পেটৰ আঁৰত: কানত হলীউদৰ নায়ক লিওনাৰ্ডোৰ দৃষ্টি কাঢ়িলে ভাৰতৰ উৰ্বশীয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd