অহা ২ নৱেম্বৰৰ পৰা খুলিব বিদ্যালয়-মহাবিদ্যালয়; কেবল তিনিটা শ্ৰেণীৰহে অনুষ্ঠিত হ’ব পৰীক্ষা

94355452_10157511895548983_6137327993321684992_o-750x375

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। ফাইল ফটো।

অহা ২ নৱেম্বৰৰ পৰা ৰাজ্যৰ বিদ্যালয়,মহাবিদ্যালয়ৰ পাঠদান আৰম্ভ হ’ব। আনহাতে, কেবল তিনিটা শ্ৰেণীৰহে চূড়ান্ত পৰীক্ষা অনুষ্ঠিত হ’ব। শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শনিবাৰে এক সংবাদমেলত আৰু কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰে।

মন্ত্ৰী শৰ্মাই ঘোষণা কৰা অনুসৰি, এটা শ্ৰেণীত মাত্ৰ ২০ৰ পৰা ২৫ গৰাকী শিক্ষাৰ্থীহে উপস্থিত থাকিব পাৰিব। অৱশ্যে ডাঙৰ হলত ক্লাছ কৰিলে ছাত্ৰ-ছাত্ৰীৰ সংখ্যা বৃদ্ধি কৰিব পাৰিব।

ইপিনে, এইবাৰ বিদ্যালয়ৰ পাঠ্যক্ৰমো হ্ৰাস কৰা হ’ব।

কেৱল অষ্টম, দশম আৰু দ্বাদশ শ্ৰেণীৰ বাবেহে এইবাৰ চূড়ান্ত পৰীক্ষা অনুষ্ঠিত হ’ব। ইয়াৰে দশম আৰু দ্বাদশ শ্ৰেণীৰ বাবে বোৰ্ডে পৰীক্ষা পাতিব আৰু অষ্টম শ্ৰেণীৰ পৰীক্ষা বিদ্যালয়ে অনুষ্ঠিত কৰিব।

সেইদৰে, বাকী শ্ৰেণীৰ শিক্ষাৰ্থীসকলক পৰীক্ষা অবিহনে উত্তীৰ্ণ কৰাই দিয়া হ’ব।

সংবাদমেলত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিশ্ববিদ্যালয় খোলাৰ সন্দৰ্ভত ৰাজ্য চৰকাৰে কোনো সিদ্ধান্ত নলয় বুলি সদৰী কৰে।

তেওঁ জানিবলৈ দিয়ে যে পলিটেকনিক আৰু অভিযান্ত্ৰিক শিক্ষানুষ্ঠানসমূহো অহা ২ নবেম্বৰৰ পৰা খোলা হ’ব। অৱশ্যে হোষ্টেলসমূহ প্ৰথম এমাহ বন্ধ থাকিব আৰু প্ৰয়োজনত ডিচেম্বৰত ছাত্ৰাবাস খোলাৰ বিষয়ে সিদ্ধান্ত লোৱা হ’ব।

অভিযান্ত্ৰিক-পলিটেকনিকৰ অনলাইন ক্লাছসমূহ চলি থাকিব বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে।

শ্ৰেণীসমূহ অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত জানিব দি মন্ত্ৰীগৰাকীয়ে কয় যে আণ্ডাৰ গ্ৰেজুৱেটৰ প্রথম ষান্মাসিকৰ ছাত্ৰ-ছাত্ৰীৰ বাবে সোমবাৰ আৰু বৃহস্পতিবাৰে শ্ৰেণী অনুষ্ঠিত হ’ব।

তৃতীয় ষান্মাসিকৰ ছাত্ৰ-ছাত্ৰীসকলে মঙলবাৰ, বুধবাৰ আৰু শুকুৰবাৰে ক্লাছ কৰিব লাগিব। সেইদৰে, পঞ্চম ষান্মাসিকৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে মঙলবাৰ, বুধবাৰ, শুকুৰবাৰ আৰু শনিবাৰে ক্লাছ হ’ব।

শিক্ষা মন্ত্ৰীয়ে বিদ্যালয়সমূহৰ খোলাৰ সন্দৰ্ভত কেইটামান গুৰুত্বপূৰ্ণ ঘোষণা কৰে।

মন্ত্ৰীগৰাকীয়ে জানিবলৈ দি কয় যে পঞ্চম শ্ৰেণীলৈকে বন্ধ থাকিব পাঠদান আৰু ষষ্ঠ শ্ৰেণীৰ পৰা ক্লাছসমূহ আৰম্ভ হ’ব।

সেইদৰে, বিদ্যালয়ৰ পাঠদান দুটা ভাগত ভগোৱা হ’ব। পুৱা ৮.৩০ বজাৰ পৰা খোলা হ’ব বিদ্যালয়সমূহ।

প্ৰথম ভাগত ৮.৩০ বজাৰ পৰা ১২.৩০ বজালৈ  আৰু দ্বিতীয় ভাগত ১.৩০ৰ পৰা ৪.৩০ বজালৈ ক্লাছ হ’ব।

প্ৰতিদিনে ৫০ শতাংশক পুৱাৰ ভাগত আৰু আন ৫০ শতাংশক বিয়লি ভাগত ক্লাছ কৰা হ’ব।