চাংসাৰিৰ এইমছৰ নিৰ্মাণস্থলী পৰিদৰ্শন স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

FB_IMG_1546156902998

দেওবাৰে চাংসাৰিৰ এইমছৰ নিৰ্মাণস্থলী পৰিদৰ্শন কৰে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ফটো : নৰ্থইষ্ট নাও

চাংসাৰিত দেওবাৰে নিৰ্মাণ কাৰ্যৰ অগ্ৰগতিৰ বুজ লয় স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। চৰকাৰী বিষয়াক লগত লৈ চাংসাৰিৰ নিৰ্মাণস্থলীত উপস্থিত হৈ স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে নিৰ্মাণ কাৰ্যৰ প্ৰতিটো দিশ পৰ্যবেক্ষণ কৰে।

ইপিনে চাংসাৰিত দ্ৰুত গতিত এইমছৰ নিৰ্মাণৰ কাম চলি আছে। চাংসাৰিৰ বৃহৎ জলাশয় পুতি নিৰ্মাণ কৰা হ’ব এইমছ। প্ৰতি নিশাই জলাশয় পুতি মাটি পূৰণৰ কাম চলিছে। জলাশয় পূৰণৰ লগতে আনুসংগিক বহু কামো ইতিমধ্যে আৰম্ভ হৈছে।

মন্ত্ৰী শৰ্মাই জানিব দিয়ে যে এইমছৰ কাম দ্ৰুত গতিত চলিব আৰু খুব কম সময়ৰ ভিতৰতে উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজে  এখন বিশ্ব মানৰ চিকিৎসালয় পাব।

আনহাতে, চাংসাৰিত স্থাপন হ’বলগীয়া এইমছৰ ভূমিত যোৱা  ২৮ অক্টোবৰত  কেন্দ্ৰীয় চৰৰকাৰৰ এটি পৰ্যবেক্ষকৰ দলেও পৰ্যবেক্ষণ কৰি গৈছিল। কেন্দ্ৰীয় স্বাস্থ্য সচিব প্ৰীতি সুদনৰ নেতৃত্বত উচ্চ পদস্থ বিষয়াৰ দলটোৱে কামৰূপৰ উত্তৰ গুৱাহাটী ৰাজহ চক্ৰৰ প্ৰস্তাৱিত ভূমিত উপস্থিত হৈ কামকাজৰ অগ্ৰগতিৰ বুজ লৈছিল।

উক্ত কেন্দ্ৰীয় দলটোৱে ২০১৭ চনৰ ২৬ মে’ত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আধাৰশিলা স্থাপন কৰাৰ প্ৰায় ডেৰ বছৰ পাছত কামৰ বুজ ল’বলৈ আহি উপস্থিত হৈছিলহি। কেন্দ্ৰীয় সচিব গৰাকীয়ে এইমছৰ নিৰ্মাণৰ সৈতে জড়িত সংশ্লিষ্ট বিভাগসমূহৰ লগতে জিলা প্ৰশাসনৰ দায়িত্ববাহী বিষয়াসকলৰ লগতো আলোচনাত মিলিত হৈ নিৰ্মাণৰ কাম খৰতকীয়া কৰি তোলাৰ নিৰ্দেশ দিছিল।

উল্লেখযোগ্য যে বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ প্ৰথমখন বাজেটতে অসমত এইমছ স্থাপনৰ প্ৰস্তাৱ ৰখা হৈছিল। অৱশ্যে নিৰ্মাণৰ স্থানক লৈ সৃষ্টি হোৱাৰ বিতৰ্কৰ অৱসান ঘটাই চাংসাৰিতে প্ৰস্তাৱিত এইমছ স্থাপনৰ সিদ্ধান্তৰ লগতে ৰাজ্য চৰকাৰ আৰু কামৰূপ জিলা প্ৰশাসনে উত্তৰ গুৱাহাটী ৰাহজ চক্ৰৰ চাংসাৰিৰ জালাহ গাঁৱৰ ৫৭১ বিঘা মাটিতে এইমছ স্থাপনৰ স্থান চূড়ান্ত কৰে।