• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, June 21, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

হিতাধিকাৰীৰ চান কাঢ়ি খালে মন্ত্ৰী পত্নীয়ে : কি অভাৱত মন্ত্ৰী জয়ন্ত মল্লৰ পত্নীয়ে ল’লে দুগ্ধ ব্যৱসায়ীৰ বাবে অহা ৫০ লাখ টকা

নৰ্থ-ইষ্ট নাও, গুৱাহাটী by নৰ্থ-ইষ্ট নাও, গুৱাহাটী
June 21, 2025 10:36 am
244
VIEWS
Share on FacebookShare on Twitter

মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ পত্নীৰ বিৰুদ্ধে উত্থাপন হৈছে ডাঙৰ অভিযোগ। মন্ত্ৰী পত্নী হোৱাৰ সুবাদত গো পালন কৰা ফাৰ্মৰ নামত ৫০ লাখ টকাৰ ৰাজসাহায্য লাভ কৰিছে জয়ন্ত মল্ল বৰুৱাৰ পত্নী জুলি ডেকা বৰুৱাই। জুলি ডেকা বৰুৱাক এই সাহায্য প্ৰদান কৰাৰ বাবেই সলাই দিয়া হৈছে ধন মোকলোৱা চৰকাৰী নীতি।

নলবাৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা জ্যেষ্ঠ কংগ্রেছ নেতা অশোক শর্মা আৰু অসম প্রদেশ কংগ্ৰেছৰ সংবাদ মাধ্যম আৰু যোগাযোগ বিভাগৰ সাধাৰণ সম্পাদক ৰূপক দাসে উত্থাপন কৰিছে এই বিস্ফোৰক অভিযোগ।

শুকুৰবাৰে এখন সংবাদমেল অনুষ্ঠিত কৰি অশোক শৰ্মাই এই ভয়ংকৰ অভিযোগ উত্থাপন কৰিছে। তেওঁ কয় যে চৰকাৰী নীতি-নিয়ম সলনি কৰি মন্ত্ৰী পত্নী নিজেই হিতাধিকাৰী হৈছে। গোপালক সকলৰ বাবে চৰকাৰে প্ৰদান কৰা ৫০ লাখ টকাৰ ৰাজসাহায্য লাভ কৰিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ পত্নী জুলি ডেকা বৰুৱাই।

অভিযোগ অনুসৰি, নিজকে গোপালক তথা দুগ্ধ ব্যৱসায়ী বুলি প্ৰতিপ্ৰন্ন কৰি প্ৰকৃত গো-পালকক এই ৰাজসাহায্যৰ পৰা বঞ্চিত কৰিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ পত্নীয়ে।

অশোক শৰ্মাই সংবাদ মেলত অভিযোগ কৰি কয় যে পূর্বতে এইধৰণৰ ৰাজসাহায্য ৰাজনৈতিক ব্যক্তিয়ে পোৱাৰ ব্যৱস্থা নাছিল। সেয়েহে এই ৰাজসাহায্যৰ নিয়মাৱলীৰ ২ আৰু ৩ নম্বৰ নিয়মকেইটা প্রত্যাহাৰ কৰি নিজৰ সুবিধামতে কৰি লৈছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই।

সংবাদমেলত প্রদেশ কংগ্ৰেছৰ সংবাদ মাধ্যম আৰু যোগাযোগ বিভাগৰ সাধাৰণ সম্পাদক ৰূপক দাসে কয়, “দুগ্ধ উন্নয়ন নিগমৰ সঞ্চালকে নিবিদা আহ্বান কৰিছিল। এই নিবিদাৰ আগতে নিয়ম আছিল যে ৰাজনৈতিক ব্যক্তিয়ে ৰাজসাহায্যৰ সুবিধা ল’ব নোৱাৰে। কিন্তু তেওঁলোকে ২, ৩ আৰু নম্বৰ নিয়ম আঁতৰাই ৰাজনৈতিক ব্যক্তিয়েও ৰাজসাহায্য পোৱাৰ ব্যৱস্থা কৰি লৈছে। এই তালিকাৰ ১৩ নম্বৰত এতিয়া জয়ন্ত মল্ল বৰুৱাৰ পত্নী জুলি ডেকা বৰুৱাৰ নাম আছে।  জুলি ডেকা বৰুৱাই ৫০ লাখ টকাৰ ৰাজসাহায্য লাভ কৰিছে।”

লগতে অভিযোগ উত্থাপন হৈছে যে ৰাজসাহায্য লাভ কৰা ১৫ জনীয়া তালিকাখনত থকা ১০ টা নাম হৈছে দুগ্ধ উৎপাদনৰ সৈতে জড়িত ফার্ম। কিন্তু ইয়াৰ বিপৰীতে বাকী ৫টা স্থানত আছে ব্যক্তি বিশেষৰ নাম। এই ব্যক্তি বিশেষৰ নাম থকাসকল কেতিয়াৰে পৰা দুগ্ধ পালনৰ সৈতে জড়িত হৈ আছে সেই সম্পর্কে ক’তো উল্লেখ নাই। “

এতিয়া এইদৰে মন্ত্ৰী পত্নীয়ে নিৱনুৱা তথা প্ৰকৃত উদ্যোগীসকলক বঞ্চিত কৰি ৰাজসাহায্য লাভ কৰা কাণ্ডক তীব্ৰ গৰিহণা দিছে বিৰোধী দল সংগঠন আৰু সচেতন ৰাইজে।

Recent News

ঘৰৰ সন্মুখত খেলি থকা শিশুক টানি নিলে নাহৰফুটুকীয়েঃ ৩ দিনৰ মূৰত হাবিত উদ্ধাৰ বিচ্ছিন্ন মৃতদেহ

ঘৰৰ সন্মুখত খেলি থকা শিশুক টানি নিলে নাহৰফুটুকীয়েঃ ৩ দিনৰ মূৰত হাবিত উদ্ধাৰ বিচ্ছিন্ন মৃতদেহ

মণিপুৰৰ বিএছএফ জোৱানক মৰণোত্তৰভাবে বীৰ চিলাৰায় বঁটা প্ৰদান অসম চৰকাৰৰ

মণিপুৰৰ বিএছএফ জোৱানক মৰণোত্তৰভাবে বীৰ চিলাৰায় বঁটা প্ৰদান অসম চৰকাৰৰ

ৰাইজৰ ধনেৰে নিৰ্মাণ কৰা হ’ল গণশিল্পী ৰাজীৱ শদিয়াৰ প্ৰথমটো প্ৰতিমূৰ্তি

ৰাইজৰ ধনেৰে নিৰ্মাণ কৰা হ’ল গণশিল্পী ৰাজীৱ শদিয়াৰ প্ৰথমটো প্ৰতিমূৰ্তি

গৃহ নিৰ্মাণত সংখ্যালঘুৰ বাবে ১৫ শতাংশ সংৰক্ষণ! কৰ্ণাটকৰ কংগ্ৰেছ চৰকাৰৰ সিদ্ধান্তক লৈ তুমুল বিতৰ্ক

গৃহ নিৰ্মাণত সংখ্যালঘুৰ বাবে ১৫ শতাংশ সংৰক্ষণ! কৰ্ণাটকৰ কংগ্ৰেছ চৰকাৰৰ সিদ্ধান্তক লৈ তুমুল বিতৰ্ক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd