শিৱসাগৰৰ ডিমৌ চাৰিআলিত বৃহস্পতিবাৰে সন্ধিয়া ৫.৩০ বজাত সংঘটিত হোৱা গ্ৰেনেড বিস্ফোৰণত দুজন লোক নিহত হোৱাৰ পাছত আজি বিস্ফোৰণস্থলীত উপস্থিত হৈ মন্ত্ৰী তপন গগৈয়ে পৰিস্থিতিৰ বুজ লয়। মন্ত্ৰী গগৈৰ সৈতে ঘটনাস্থলীত জিলা উপায়ুক্ত পল্লৱ ঝাও উপস্থিত থাকে।
মন্ত্ৰী তপন গগৈয়ে মৃতকৰ পৰিয়াললৈ এককালীন সাহায্যৰ কথা ঘোষণা কৰে। বিস্ফোৰণত নিহত দুজনৰ পৰিয়াললৈ ৫ লাখ টকাকৈ আৰ্থিক সাহায্য আগবঢ়োৱাৰ কথা ঘোষণা কৰে মন্ত্ৰীগৰাকীয়ে। মন্ত্ৰী গগৈয়ে লগতে বিস্ফোৰণত নিহত কমল আগৰৱালা আৰু অনুপ গুপ্তাৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে।
উল্লেখযোগ্য যে বৃহস্পতিবাৰে ডিমৌ চাৰিআলিৰ এখন ব্যৱসায়িক প্ৰতিষ্ঠানত সংঘটিত হোৱা গ্ৰেনেড বিস্ফোৰণত অনুপ গুপ্তা নামৰ লোকজনৰ থিতাতে নিহত হৈছিল। অনুপ গুপ্তা দোকানখনৰ এজন গ্ৰাহক আছিল বুলি জানিব পৰা গৈছে।
আনহাতে, বিস্ফোৰণত দোকানখনৰ মালিক কমল আগৰৱালা গুৰতৰভাৱে আহত হোৱাৰ পাছত চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ নি থকা অৱস্থাতে মৃত্যুমুখত পৰে।
উক্ত ঘটনাটো আলফা স্বাধীনে সংঘটিত কৰা বুলি সন্দেহ কৰা হৈছে। ডিমৌ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীয়ে প্ৰথমতে ইয়াক গ্ৰেনেড বিস্ফোৰণৰ ঘটনা নহয় বুলি জনাইছিল যদিও আৰক্ষীৰ বিষয়াসকলে পাছত এইটো গ্ৰেনেড বিস্ফোৰণ বুলিয়েই নিশ্চিত কৰে।
জানিব পৰা মতে আলফাই পূৰ্বতেও ব্যৱসায়ী কমল আগৰৱালাক ধন দাবী কৰিছিল। অৱশ্যে এই ঘটনা সম্পৰ্কত আলফা স্বাধীনে এতিয়াও কোনো কথা স্পষ্ট কৰা নাই।
আনহাতে, ঘটনা সংঘটিত হোৱাৰ সময়ত নতুন দিল্লীত থকা মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ইতিমধ্যে ঘটনাটোৰ গৰিহণা দিয়াৰ লগতে ‘দুষ্কৃতিকাৰীক শীঘ্ৰে কৰায়ত্ত’ কৰাৰ বাবে ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধানক নিৰ্দেশ দিছিল।