NORTHEAST NOW (Assamese)

গৃহ মন্ত্ৰ্যালয়ৰ ফেচবুক পেইজত সুৰাৰ বটলৰ ছবি; সৰ্বত্ৰ প্ৰতিক্ৰিয়া

May 29, 2020 1:30 pm · এন ই নাও নিউজ
গৃহ মন্ত্ৰ্যালয়ৰ অফিচিয়েল ফেচবুক পেইজত সুৰাৰ বটল ছবি আপলোডৰ স্ক্ৰীণশ্বটটো।

কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ৰ অফিচিয়েল ফেচবুক পেইজত সুৰাৰ বটলৰ ছবি আপলোড কৰাৰ এক ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে।

এনে অবাঞ্চিত ঘটনাৰ আঁৰৰ ব্যক্তিৰ বিৰুদ্ধে কঠোৰ শাস্তিৰ দাবী উঠিছে  ছচিয়েল মিডিয়াত।

বৃহস্পতিবাৰে হঠাতেই গৃহ মন্ত্ৰ্যালয়ৰ ফেচবুক পেইজত দুটা সুৰাৰ বটলৰ সৈতে এটা গিলাচত কিছু ৰঙীণ পানীয় আৰু এখন প্লেটত অলপমান খোৱাবস্তুৰ ছবি ভাহি উঠে।

ইয়াৰ পাছতেই ছচিয়েল মিডিয়াত আৰম্ভ হয় তীব্ৰ প্ৰতিক্ৰিয়া। অৱশ্যে প্ৰায় আঘাঘন্টা পাছত ঘটনাটো দৃষ্টিগোচৰ হোৱাৰ লগে লগেই ছবিখন আঁতৰাই দিয়া হয় যদিও ইতিমধ্যে ই বিয়পি পৰে।

জানিব পৰা মতে, গৃহ মন্ত্ৰ্যালয়ৰ অফিচিয়েল ফেচবুক পেইজৰ দায়িত্বত থকা এগৰাকী কৰ্মচাৰীয়েই ভুল কৰি সুৰাৰ বটলৰ ছবি আপলোড কৰি পেলাইছিল।

ইতিমধ্যে হুইস্কিৰ বটলৰ স্ক্ৰীণশ্বট চৌদিশে বিয়পি পৰে আৰু বিভিন্নজনে তীৰ্যক মন্তব্যৰে নিজৰ নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে।

বাতৰি অনুসৰি, উক্ত কৰ্মচাৰীগৰাকীয়ে গৃহ মন্ত্ৰ্যালয়ৰ ফেচবুকৰ সৈতে নিজৰ ফেচবুক পেইজটো মিহলাই পেলোৱাৰ ফলতেই এনে অবাঞ্চিত ঘটনা হ’বলৈ পায়।

জানিব পৰা মতে, কৰ্মচাৰীগৰাকীয়ে নিজৰ ভুল স্বীকাৰ কৰি লিখিতভাৱে ক্ষমা বিচাৰিছে।

কিন্তু গৃহ মন্ত্ৰ্যালয়ৰ অফিচিয়েল ফেচবুকত আপলোড হোৱা হুইস্কিৰ বটলৰ ছবিৰ বিষয়টো  এটা দিনৰ বাবে ছচিয়েল মিডিয়াত চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ ৰয়।

Related News