ম’বাইল এপৰ জৰিয়তে অসংৰক্ষিত টিকট বুকিঙৰ বাবে দূৰত্বৰ প্ৰতিবন্ধকতা শিথিল ৰে’ল মন্ত্ৰালয়ৰ

ৰে’ল মন্ত্ৰালয়ে  নন-চাব আৰবান অঞ্চলসমূহৰ বাবে আনৰিজাৰ্ভ টিকেটিং চিষ্টেম (ইউটিএছ) মোবাইল এপ্লিকেচনত ২০ কিলোমিটাৰ দূৰত্বৰ পৰা অসংৰক্ষিত টিকট বুক কৰাৰ সুবিধা প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ইপিনে, চাব আৰবান অঞ্চলসমূহত দূৰত্বৰ পৰিধি ৫ কিলোমিটাৰলৈ বৃদ্ধি কৰা হৈছে।

ইয়াৰ আগতে, ইউটিএছ মোবাইল এপ্লিকেচনত আনৰিজাৰ্ভ টিকেট বুকিং প্ৰণালীৰ দ্বাৰা নন চাব আৰবান অঞ্চলত যাত্ৰীসকলক ৫ কিলোমিটাৰ পৰ্যন্ত টিকট বুক কৰাৰ বাবে অনুমতি প্ৰদান কৰিছিল।

চাব আৰবান অঞ্চলসমূহৰ বাবে ম’বাইল এপ্লিকেচনৰ জৰিয়তে টিকট বুক কৰাৰ দূৰত্বৰ সীমাবদ্ধতা আছিল ২ কিলোমিটাৰ৷

শেষ মুহূৰ্তত যাত্ৰাৰ পৰিকল্পনা কৰা যাত্ৰীসকলৰ বাবে অসংৰক্ষিত টিকট অধিক সুবিধাজনক হয়। যাত্ৰীসকলে তেওঁলোকৰ স্মাৰ্ট ফোনত আনৰিজাৰ্ভ টিকেটিং চিষ্টেম (ইউটিএছ) মোবাইল এপ্লিকেচনৰ জৰিয়তে দেশৰ এটা প্ৰান্তৰ পৰা আন এটা প্ৰান্তলৈ অসংৰক্ষিত টিকট ক্ৰয় কৰিব পাৰে।

অসংৰক্ষিত টিকট এতিয়া উপলব্ধতা সাপেক্ষে ইউটিএছ মোবাইল এপ্লিকেচনৰ জৰিয়তে দীৰ্ঘ দূৰত্বৰ ৰে’লসমূহৰ বাবে সকলো ষ্টেচনতে বুক কৰিব পাৰিব। আগতে ইউটিএছ মোবাইল এপ্লিকেচনৰ জৰিয়তে অসংৰক্ষিত টিকট ক্ৰয় কেৱল এক নিৰ্দিষ্ট অঞ্চল আৰু পৰিসৰৰ ভিতৰত ভ্ৰমণ কৰা যাত্ৰীসকলৰ বাবেহে উপলব্ধ আছিল।

ইউটিএছ ম’বাইল এপ্ৰিকেচনত চিজন টিকট, মাহিলী পাছ আৰু প্লেটফৰ্ম টিকট বুক কৰাৰ অনুমতি আছে। এই পদ্ধতিয়ে যাত্ৰীসকলৰ সময় ৰাহি কৰে আৰু টিকট কাউণ্টাৰত দীঘলীয়া শাৰীৰ পৰা সকাহ দিয়ে। ৱালেটৰ জৰিয়তে বা ইণ্টাৰনেট বেঙ্কিঙৰ জৰিয়তে টিকটৰ বাবে ধন পৰিশোধ কৰিব পাৰিব।

ইউটিএছ ম’বাইল এপ্লিকেচনটো এণ্ড্ৰইড আৰু আই.ও.এছ. দুয়োটা প্লেটফৰ্মত উপলব্ধ আছে আৰু সংশ্লিষ্ট প্লে ষ্ট’ৰৰ পৰা বিনামূলীয়াকৈ ডাউনলোড/ইনষ্টল কৰিব পাৰি। এই ইউটিএছ ম’বাইল এপ্লিকেচনটোৱে ইতিমধ্যে ইয়াৰ ব্যৱহাৰযোগ্যতাৰ লগতে গ্ৰাহক সম্পৰ্কৰ বাবে ব্যাপক জনপ্ৰিয়তা লাভ কৰিছে।