চৰকাৰৰ নতুন নিৰ্দেশনা : চালকে আৰু কঢ়িয়াব নালাগিব অনুজ্ঞাপত্ৰ, পঞ্জীয়ন প্ৰমাণপত্ৰ

ministry_of_road_transport__highways_electronic_documents_driving_license_certificate_of_registr_1545310265_725x725

প্ৰতিনিধিত্বমূলক ফটো

ভাৰতত যান-বাহনৰ চালকসকলে আৰু চালকৰ অনুজ্ঞাপত্ৰ, গাড়ীৰ পঞ্জীয়ন প্ৰমাণপত্ৰ আৰু আন আন আনুসংগিক কাগজ-পাতি লৈ ফুৰাৰ দিন উকলিল। এতিয়া ভাৰতৰ যিকোনো ৰাজ্যতেই চালকসকলে তেওঁলোকৰ উক্ত কাগজ-পত্ৰৰ সলনি সেইসমূহৰ ডিজিটেলাইড প্ৰতিলিপি লগত ৰাখিলেই হ’ব।

পথ পৰিহণ আৰু ঘাইপথ মন্ত্ৰ্যালয়ে এই কথাৰ নিশ্চিতি প্ৰদান কৰি ইতিমধ্যে এটা মানক কাৰ্যসম্পাদনকাৰী প্ৰক্ৰিয়া (Standard Operating Procedure চমুকৈ SOP) জাৰি কৰিছে কৰি এয়া নিৰ্দেশ ৰাজ্য চৰকাৰসমূহলৈ প্ৰেৰণ কৰিছে।

ইয়ে যান-বাহনৰ গৰাকী আৰু চালকসকলক তেওঁলোকৰ বাহনসমূহৰ সংশ্লিষ্ট কাগজ-পত্ৰ ডিজিটেল ফৰ্মেটত দাখিল কৰাৰ অনুমতি প্ৰদান কৰিব। উক্ত নথি সমূহৰ মাজত আছে চালকৰ অনুজ্ঞাপত্ৰ, পঞঞ্জীয়ন প্ৰমাণপত্ৰ, বীমা, শাৰীৰিক মানসিক সুস্থতাৰ প্ৰমাণপত্ৰ, অনজ্ঞাপত্ৰ, প্ৰদূষণ নিয়ন্ত্ৰণৰ প্ৰমাণপত্ৰ আৰু আন আন আনুসংগিক নথি-পত্ৰ।

উল্লেখ্য যে কেন্দ্ৰীয় যান-বাহন আইন ১৯৮৯ৰ অন্তৰ্গত নিয়ম ১৩৯ অনুসৰি উক্ত মানক কাৰ্যসম্পাদনকাৰী প্ৰক্ৰিয়া জাৰি কৰা হৈছে। ইয়াৰ ফলত দৰাচলতে বুজা যায় যে আইন ভংগকাৰীৰ বাবে চালান কটাৰ সমগ্ৰ প্ৰক্ৰিয়াটো এতিয়াৰ পৰা অনলাইন হৈ পৰিব।

গাড়ীৰ মালিকসকল তথা চালকসকলে তেওঁলোকৰ নথিসমূহ ডিজিল’কাৰ এপ (Digilocker app) অথবা এমপৰিবহণ এপৰ (mParivahan app) জৰিয়তে দাখিল কৰিব পাৰিব তাৰ বিপৰীতে আইন বলৱৎকাৰী বিষয়াসকলে উক্ত নথিসমূহৰ শেহতীয়া অৱস্থাৰ তথ্যসমূহ ই-চালান এপৰ (eChallan app) জৰিয়তে পৰীক্ষা কৰিব পাৰিব আৰু প্ৰয়োজনীয় কাৰ্যব্যৱস্থা গ্ৰহণ কৰিব পাৰিব।