বিহালীত নাবালিকাক যৌন নিৰ্যাতন, অভিযুক্তৰ বিৰুদ্ধে অভিযোগ দাখিল

Bishwanath

বিশ্বনাথ জিলাৰ বিহালীত আজি সংঘটিত হৈছে এক নিৰ্লজ কাণ্ড। এক বিকৃত যৌন মানসিকতাৰ ব্যক্তিৰ যৌন উৎপীড়ণৰ বলি হৈছে এগৰাকী নাবালিকা।

নাবালিকা গৰাকীক যৌন আতিশয্য চলোৱা ব্যক্তিজনৰ নাম অৰ্জুন সাহানী বুলি জানিব পৰা গৈছে।

সাহানীয়ে কথোনিবাৰী অঞ্চলৰ পুৰণি পশু চিকিৎসালয়ৰ এটা বন্ধ কোঠাৰ ভিতৰলৈ নাবালিকা গৰাকীক টানি নি যৌন নিৰ্যাতন চলায় বুলি অভিযোগ কৰা হৈছে।

নাবালিকা গৰাকীৰ পৰিয়ালৰ মতে, ছোৱালীজনী দোকানলৈ যোৱাৰ সময়তে অভিযুক্ত সাহানীয়ে ক্লিনিকলৈ টানি নিয়ে আৰু উৎপীড়ন চলায়।

বহু সময় ধৰি নাবালিকা গৰাকী ঘৰলৈ ঘূৰি নহা দেখি পৰিয়ালৰ লোকসকল চিন্তাত পৰে আৰু নাবালিকা গৰাকীৰ সন্ধানত ওলাই যায়।

অৱশেষত বিচাৰ-খোচাৰৰ পিছত নাবালিকা গৰাকীক ক্লিনিক খনত বিচাৰি পাই যদিও অভিযুক্ত সাহানী পলাই যাবলৈ সক্ষম হয় বুলি উল্লেখ কৰে পৰিয়ালৰ লোকে।

ঘটনা সন্দৰ্ভত ছোৱালীজনীৰ পৰিয়ালে ইতিমধ্যে স্থানীয় আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে।