চিৰাঙত নাবালিকাক দলবদ্ধ ধৰ্ষণ : মেছেজিং এপত ভিডিঅ’ শ্বেয়াৰ কৰি ব্লেকমেইল

ইটোৰ পিছত সিটো জঘন্য ধৰ্ষণৰ ঘটনা সংঘটিত হৈ আছে এইখন অসমত। এটা ধৰ্ষণকাণ্ডৰ চৰ্চা মাৰ নৌযাওতেই হৈছে আন এটা ধৰ্ষণ।

এইবাৰ চিৰাং জিলাত দলবদ্ধ ধৰ্ষণৰ বলি হ’ল এগৰাকী নাবালিকা। এগৰাকী কণমাণিক ধৰ্ষণ কৰিলে ৬ টা পাষণ্ডই।

কেৱল এয়াই নহয়, ধৰ্ষণৰ ভিডিঅ’ প্ৰস্তুত কৰি ব্লেক মেইল কৰাৰো চেষ্টা কৰিলে পাষণ্ড কেইটাই।

খবৰ অনুসৰি অভিযোগ লাভ কৰাৰ পিছত ৫টা অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

জানিব পৰা মতে যোৱা আগষ্ট মাহতেই এই ধৰ্ষণকাণ্ড সংঘটিত হৈছিল। কিন্তু অপৰাধীয়ে ব্লেকমেইল কৰাৰ বাবে অভিযোগ দাখিল কৰা নাছিল ভুক্তভগীৰ পৰিয়ালটোৱে।

আৰক্ষীয়ে প্ৰমাণ সংগ্ৰহ কৰি নাবালক ভুক্তভোগী আৰু পৰিয়ালৰ সদস্যৰ বক্তব্য লিপিবদ্ধ কৰিছে। সম্প্ৰতি অভিযুক্তক জেৰা অব্যাহত ৰাখিছে আৰু বিষয়টোৰ অধিক তদন্ত অব্যাহত আছে।

ইফালে স্থানীয় জনসাধাৰণে এই জঘন্য অপৰাধৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী জনাইছে।