যোগীৰ উত্তৰ প্ৰদেশত পুনৰ কিশোৰীৰ দলবদ্ধ ধৰ্ষণ: ধৰ্ষণৰ পিছতে হাত-ভৰি বান্ধি পেলাই দিলে কুঁৱাত

Minor Girl Gang-Raped

দেশৰ ভিতৰতে নাৰী সুৰক্ষাৰ ক্ষেত্ৰত নিম্নতম স্থানত থকা যোগী আদিত্যনাথৰ উত্তৰ প্ৰদেশত পুনৰ দলবদ্ধ ধৰ্ষণৰ বলি হৈছে এগৰাকী কিশোৰী। ধৰ্ষণৰ পাছতো কিশোৰীগৰাকীক বৰ্বৰতাৰে হাত-ভৰি বান্ধি কুঁৱাত পেলাই দিয়ে ধৰ্ষণকাৰীয়ে।

উত্তৰ প্ৰদেশৰ মাউ অঞ্চলত শুকুৰবাৰে সংঘটিত হয় এই কাণ্ড। কিশোৰীগৰাকীৰ পিতৃৰ মতে, কিশোৰীগৰাকীয়ে ঘৰৰ বাহিৰত জাবৰ পেলাবলৈ যোৱাৰ সময়তে অভিযুক্তই অপহৰণ কৰি নিয়ে আৰু উপৰ্যুপৰি ধৰ্ষণ কৰে।

কিশোৰীগৰাকী বহু সময় ধৰি ঘৰলৈ উভতি নহাৰ বাবে চিন্তিত হৈ পৰে পৰিয়ালৰ লোক। অঞ্চলটোত বিচাৰ-খোচাৰ কৰে যদিও পৰিয়ালৰ লোকে সন্ধান নাপায় কিশোৰীগৰাকীৰ। অৱশেষত ঘৰৰ পৰা ২০০ মিটাৰ দূৰৈৰ পথাৰত থকা এটা শুকান কুঁৱাৰ পৰা কিশোৰীগৰাকীক উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

জানিব পৰা মতে, পথাৰত কাম কৰি থকা শ্ৰমিকসকলে কুঁৱাৰ ভিতৰৰ পৰা অহা কিশোৰীগৰাকীৰ কান্দোন শুনে। তেওঁলোকে এই কান্দোনৰ সন্ধান কৰি কুৱাঁটোৰ কাষ চাপি আহে আৰু কুঁৱাৰ ভিতৰত হাত-ভৰি বন্ধা তথা উলংগ অৱস্থাত কিশোৰীগৰাকীক দেখিবলৈ পায়।

লগে লগে শ্ৰমিকসকলে আৰক্ষীক এই খবৰ দিয়ে। খবৰ লাভ কৰাৰ পাছতে স্থানীয় আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হয় আৰু কিশোৰীগৰাকীক উদ্ধাৰ কৰে। কিশোৰীগৰাকীৰ ভাষ্যৰ ভিত্তিত পৰিয়ালটোৱে আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰে।

পৰিয়ালৰ এজাহাৰৰ আধাৰত আৰক্ষীয়ে ইতিমধ্যে দুই অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে। আনহাতে পলাতক অৱস্থাত আছে আন এক অভিযুক্ত। পলাতক অভিযুক্তগৰাকীৰ সন্ধানত আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে বুলি স্থানীয় এগৰাকী আৰক্ষী বিষয়াই জানিবলৈ দিছে। তিনিও অভিযুক্তৰ বিৰুদ্ধে POCSO আইনৰ অধীনত গোচৰ ৰুজু কৰা হৈছে বুলি তেওঁ লগতে কয়।