NORTHEAST NOW (Assamese)

৬৫ বৰ্ষীয় ব্যক্তিৰ “ধৰ্ষণ”ত গৰ্ভৱতী গোৱালপাৰাৰ কিশোৰী

September 5, 2019 9:27 pm · চফিকুল আহমেদ
অভিযুক্ত দুলালুদ্দিন শ্বেখ। ছবি-- নৰ্থইষ্ট নাও।

দুলালুদ্দিন শ্বেখ নামৰ ৬৫ বছৰীয়া ব্যক্তি এগৰাকীৰ “ধৰ্ষণ”ত গোৱালপাৰাৰ এজনী কিশোৰী গৰ্ভৱতী হৈছে।

কিশোৰীগৰাকীৰ মাকৰ অভিযোগৰ ভিত্তিত শ্বেখক বৃহস্পতিবাৰে ধূপধৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। আৰু তেওঁক জে’ললৈ প্ৰেৰণ কৰা হৈছে।

অভিযোগমতে, অষ্টম শ্ৰেণীত পঢ়ি থকা কিশোৰীগৰাকী ছমাহৰ গৰ্ভৱতী।

ধৃত শ্বেখে ছমাহৰ পূৰ্বে ছোৱালীজনীক ধৰ্ষণ কৰা বুলি পৰিয়ালৰ লোকে অভিযোগ কৰিছে।

বৰদ’ল প্ৰথম খণ্ডৰ বাসিন্দা অভিযুক্ত শ্বেখে ছোৱালীজনীক মুখত সোপা দি ঘৰৰ পিছফালে নি ধৰ্ষণ কৰিছিল।

ধৰ্ষণৰ কথা কাৰোবাক ক’লে ছোৱালীজনীক মাৰি পেলোৱাৰো তেওঁ ভাবুকি দিছিল, মাকে জনায়।

“মোৰ জীয়ৰীক বলপূৰ্বক ধৰ্ষণ কৰা হৈছে আৰু তাই এই কথা ফাদিল কৰিলে অভিযুক্তই মাৰি পেলোৱাৰ ভাবুকি দিছিল,” ধূপধৰা আৰক্ষী থানাত ছোৱালীজনীৰ মাকে দিয়া এজাহাৰত উল্লেখ।

শাৰীৰিক অস্বস্তিত ভুগি ছোৱালীজনীয়ে বৃহস্পতিবাৰেহে ঘটনাটো পৰিয়ালৰ লোকক অৱগত কৰে।

“সেয়ে এজাহাৰ দাখিল কৰাত পলম হৈছে,” মাকৰ এজাহাৰত উল্লেখ।

অভিযুক্ত শ্বেখৰ বিৰুদ্ধে ভাৰতীয় দণ্ড বিধিৰ কেইবাটাও ধাৰাৰ লগতে পক্স’ আইন (Prevention of the Children from the Sexual Offences)ৰ অধীনত এক গোচৰ ৰুজু কৰা হৈছে।

Related News