NORTHEAST NOW (Assamese)

ধুবুৰীত নাবালিকাক বলাৎকাৰ : পলাতক অৱস্থাত অভিযুক্ত আব্দুল বাতেন

February 27, 2019 1:16 pm · এন ই নাও নিউজ
শিশু নিৰ্যাতনৰ প্ৰতিনিধিত্বমূলক ফটো। উৎস-ইণ্টাৰনেট

ধুবুৰী জিলাৰ চাপৰত আজি সংঘটিত হোৱা জঘন্য বলাৎকাৰ ঘটনাই সমগ্ৰ জিলাখনত চাঞ্চল্যৰ সৃষ্টি কৰিছে। প্ৰাপ্ত তথ্য অনুসৰি ধুবুৰীৰ চাপৰৰ ৰঙামাটি অঞ্চলত আব্দুল বাতেন নামৰ এজন দুঃচৰিত্ৰৰ যুৱকে এগৰাকী তৃতীয় শ্ৰেণীৰ ছাত্ৰীক বলাৎকাৰ কৰে।

ঘটনাৰ বিবৰণী অনুসৰি অভিযুক্ত আব্দুল বাতেনে নাবালিকা গৰাকীৰ ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি এনে জঘন্য কাৰ্য্য সংঘটিত কৰে। ভুক্তভোগী নাবালিকা গৰাকীয়ে সমগ্ৰ ঘটনা পৰিয়ালৰ লোকৰ আগত কোৱাত অঞ্চলটোত হুৱা-দুৱা লাগে।

আনহাতে, ঘটনা সন্দৰ্ভত ছাত্ৰীগৰাকীৰ পিতৃয়ে অভিযুক্ত আব্দুল বাতেনৰ বিৰুদ্ধে চাপৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে। ঘটনা সংঘটিত কৰি সম্প্ৰতি পলাতক অৱস্থাত থকা বাতেনৰ সন্ধানত আৰক্ষীয়ে ইতিমধ্যে অভিযান আৰম্ভ কৰিছে।

স্থানীয় ৰাইজে সমগ্ৰ ঘটনাটো সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি শীঘ্ৰে দোষীক কৰায়ত্ত কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰাৰ দাবী জনাইছে। প্ৰাথমিক স্বাস্থ্য পৰীক্ষাৰ অন্তত ভুক্তভোগী ছাত্রীগৰাকীৰ সম্প্ৰতি সুস্থ হৈ আছে বুলি পৰিয়ালৰ লোকে সদৰী কৰিছে।

Related News