মীৰা বৰঠাকুৰ বনাম বিজুলী কলিতা মেধি! প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰা ৰিণিকি ভূঞা শৰ্মা সকলো নামিল পথাৰত

৭ মে’ত অসমত তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচন৷গুৱাহাটী লোকসভা সমষ্টি অসমৰ তৃতীয় পৰ্যায়ৰ নিৰ্বাচনী যুঁজখনৰ বাবে সকলোৰে মাজত আকৰ্ষণৰ কেন্দ্ৰবিন্দু হিচাপে চিহ্নিত হৈছে৷গুৱাহাটী লোকসভা সমষ্টিত মুখামুখি হ’ব দুই মহিলা ক্ৰমে কংগ্ৰেছৰ মীৰা বৰঠাকুৰ আৰু বিজেপিৰ বিজুলী কলিতা মেধি৷ইয়াৰ উপৰিও আন দল আৰু নিৰ্দলীয়ভাৱে সমষ্টিটোত ৬ গৰাকী প্ৰাৰ্থীয়ে প্ৰাৰ্থিত্ব আগবঢ়াইছে৷

পিছে এতিয়া সাধাৰণ জনসাধাৰণৰ মাজত গুৱাহাটী লোকসভা সমষ্টিৰ চৰ্চাৰ অন্যতম কাৰণ হিচাপে চিহ্নিত হৈ পৰিছে বিজুলী কলিতা মেধিৰ বাবে হোৱা প্ৰচাৰসভাসমূহ৷ৰঙালী বিহুৰ কিছুদিন পাছতেই অসমলৈ আগমন ঘটিছিল দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ৷গুৱাহাটীৰ ৰাজপথত ৰোড শ্ব’ আয়োজন কৰি বিজেপিৰ জনসমৰ্থন দেখুৱাবলৈ প্ৰধানমন্ত্ৰীয়ে কৰা চেষ্টা সকলোৱে দেখিবলৈ পাইছিল৷কিছুদিনৰ পূৰ্বে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহেও গুৱাহাটীত বিশাল ৰোড শ্ব’ৰ আয়োজন কৰা হৈছিল৷ইতিমধ্যে বিজুলী কলিতা মেধিক নিৰ্বাচনত জয়ী কৰোৱাৰ স্বাৰ্থত মুখ্যমন্ত্ৰীৰ পৰা ৰাজ্যিক বিজেপিৰ সকলো ৰথী-মহাৰথী পথাৰত নামিছে৷বহু ৰাজনৈতিক বিশ্লেষকৰ মতে বিগত সময়চোৱাত বৰ্তমানৰ গুৱাহাটীৰ সাংসদ কুইন ওজা বানপানী আৰু খোৱাপানীৰ সমস্যা সমাধান কৰাত যথেষ্ট বিফল হৈছে যাব বাবে কুইন ওজাৰ ঠাইত বিজুলী কলিতা মেধিক টিকট দিয়া হৈছে যদিও বিজেপিৰ ওপৰত অসন্তুষ্ট ভোটাৰৰ মন বুজি নিৰ্বাচনত পৰাজয়ৰ শংকায়ো বিজুলী কলিতা মেধিক খেদি ফুৰিছে৷ইতিমধ্যে বিজুলী কলিতা মেধিৰ আজাৰা আৰু কাঁহিকুচিত অনুষ্ঠিত ৰাজহুৱা সভাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী তথা প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্টৰ স্বতাধিকাৰী ৰিণিকি ভূঞা শৰ্মায়ো প্ৰচাৰ চলায়৷ইতিমধ্যে ২০১৪ত বিজেপিৰ বিজয়া চক্ৰৱৰ্তী আৰু ২০১৯ত কুইন ওজা জয়ী হোৱা গুৱাহাটী লোকসভা সমষ্টিত এক পৰাজয়ৰ শংকাই খেদি ফুৰিছে যাৰ বাবে ২০২৪ত বিজুলী কলিতা মেধিক জয়যুক্ত কৰিবৰ বাবে সৰ্বস্ব উজাৰি দিছে বিজেপিয়ে৷