অহা ১৮ এপ্ৰিলৰ পৰা চীনৰ নিগবোত আৰম্ভ হ’বলগীয়া এছিয়ান ভাৰোত্তোলন চেম্পিয়নশ্বিপত ২০১৭ৰ বিশ্ব চেম্পিয়নশ্বিপৰ স্বৰ্ণপদক বিজয়ী মীৰাবাঈ চানুৱে ভাৰতক নেতৃত্ব দিব। উত্তৰ-পূৰ্বাঞ্চলৰ কন্যা মণিপুৰৰ ভাৰত্তোলক ছাইখম মীৰাবাঈ চানুৱে তেওঁৰ ধাৰাবাহিক সফলতাৰ বাবে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।
উল্লেখযোগ্য যে এই এছিয়ান চেম্পিয়নশ্বিপ ২০২০ চনৰ টকিঅ’ অলিম্পিকৰ বাবে কোৱালিফাইং প্ৰতিযোগিতা হ’ব।
চীনলৈ প্ৰেৰণ কৰিবলগীয়া ভাৰতীয় দলটোত চাৰিগৰাকী মহিলা আৰু আঠগৰাকী পুৰুষ খেলুৱৈ অন্তৰ্ভুক্ত হৈছে। দলটোত কমনৱেলথ গেমছ আৰু যুৱ অলিম্পিকত স্বৰ্ণপদক জয় কৰা সতীশ শিৱলিংগম আৰু জেৰেমী লালৰিনুংগাও আছে।
তদুপৰি, কমনৱেলথ গেমছত স্বৰ্ণপদক বিজয়ী আৰ ডি ৰাহুলক ৰিজাৰ্ভ খেলুৱৈ হিচাপে ৰখা হৈছে। আনহাতে,কমনৱেলথ গেমছত দুবাৰৰ স্বৰ্ণপদক বিজয়ী সঞ্জিতা চানুৱে দলত স্থান লাভ কৰা নাই।
মীৰাবাঈ চানুৱে চলিত বছৰত থাইলেণ্ডৰ চিয়াংমায় চহৰত অনুষ্ঠিত হোৱা ই জি এ টি কাপ ভাৰত্তোলন প্ৰতিযোগিতাত সোণৰ পদক দখল কৰি দেশলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছিল।
প্রতিযোগিতাৰ ৪৯ কিলোগ্ৰাম শাখাত সৰ্বমুঠ ১৯২ কিলোগ্ৰাম ভাৰ উত্তোলন কৰি সোণৰ পদক জয় কৰিছিল চানুৱে। ২০১৮ বৰ্ষৰ অধিকাংশ সময় আঘাতৰ বাবে খেলৰ পৰা আঁতৰি থাকিব লগীয়া চানুৱে এই প্ৰতিযোগিতাখনত শক্তিশালী প্ৰত্যাবৰ্তন ঘটাইছিল।
উল্লেখ্য যে বিগত বৰ্ষত জাকাৰ্টাত অনুষ্ঠিত হোৱা এছিয়ান গেমছত চানুৱে আঘাতৰ বাবে ভাগ লব পৰা নাছিল।