NORTHEAST NOW (Assamese)

গাঞ্জাসহ গুৱাহাটী ৰেইলৱে আৰক্ষীৰ জালত যোৰহাটৰ যুৱক

September 15, 2019 10:08 am · কল্পজ্যোতি শইকীয়া
Updated: September 15, 2019 12:04 pm

গুৱাহাটী ৰেইলৱে আৰক্ষীৰ জালত পৰিল বৃহৎ পৰিমাণৰ গাঞ্জাসহ যোৰহাটৰ এজন যুৱক। যুৱকজনক ভাস্কৰ বৰুৱা(২৩) বুলি চিনাক্ত কৰা হৈছে। ধৃত ভাস্কৰৰ ঘৰ যোৰহাটৰ মৰিয়নি থানাৰ অন্তৰ্গত কেনেদি পার্কত বুলি জানিব পৰা গৈছে।

আজি পুৱা প্ৰায় ৭ বজাত ৰেইলৱে আৰক্ষীয়ে এক অভিযান চলাই ৫ কেজি গাঞ্জাসহ আটক কৰে ভাস্কৰক। গাঞ্জা খিনিৰ মূল্য প্ৰায় ৪০ হাজাৰ টকা হ’ব বুলি ৰেইলৱে আৰক্ষীয়ে জনায়।

ষ্টেশ্যনৰ ১ নং প্লেটফৰ্মত ৰখাই থোৱা অৱস্থাত নামনিমুৱা ১২৪২৩ নম্বৰৰ ৰাজধানী এক্সপ্ৰেছৰ ৮ নং ডবাৰ পৰা আৰক্ষীয়ে গাঞ্জাসহ যুৱকজনক আটক কৰবিলৈ সক্ষম হয়।

Related News