NORTHEAST NOW (Assamese)

শোণিতপুৰ জিলা বিজেপিৰ কার্যালয়ত আক্ৰমণ

January 25, 2019 4:15 pm · এন ই নাও নিউজ
Updated: January 25, 2019 5:16 pm

অচিনাক্ত দুর্বত্তই আজি শোণিতপুৰ জিলা বিজেপিৰ কার্যালযত আক্ৰমণ সংঘটিত কৰে। আক্ৰমণকাৰীয়ে কাৰ্যালয়টোত থকা পোষ্টাৰ আৰু বেনাৰতো অগ্নিসংযোগ কৰে। আজি ২৫ জানুৱাৰি শুকুৰবাৰে প্ৰাতঃভ্ৰমণকাৰীসকলে এই কথাটো প্ৰত্যক্ষ কৰে আৰু বিজেপি সদস্যসকলক অৱগত কৰে। তাৰ পাছত বিজেপিৰ সদস্যসকল ঘটনাস্থলীত গৈ উপস্থিত হয়।

তাৰ পাছত শোণিতপুৰ জিলা বিজেপিয়ে এই ঘটনাটোৰ সন্দৰ্ভত আৰক্ষী থানাত অভিযোগ দিয়ে। উক্ত ঘটনাৰ পাছত কোনো অনাকাংখ্যিত পৰিস্থিতি বাধা দিয়াৰ বাবে আৰক্ষী আৰু অৰ্ধ সামৰিক বাহিনী নিয়োগ কৰা হয়।

অৱশ্যে এই আক্ৰমণত বিজেপি কাৰ্যালয়ৰ কোনো আন্তৰ্গাঁথনিমূলক ক্ষতি হোৱা নাই। উল্লেখ্য যে, অলপতে শোণিতপুৰ জিলা বিজেপিৰ কাৰ্যালয়টো হাজাৰাপাৰৰ পৰা মাজগাঁৱলৈ উঠাই নিয়া হৈছে।

উল্লেখ্য যে নাগৰিকত্ব (সংশোধনী) বিধেয়কখনক কেন্দ্ৰ কৰি শেহতীয়াভাৱেডিব্ৰুগড়, গোলাঘাট আৰু পলাশবাৰীৰ বিজেপি কাৰ্যালয়ত আক্ৰমণৰ ঘটনা সংঘটিত হৈ আহিছে। ইয়াৰ পূৰ্বে কিছু সংখ্যক লোকে মেঘালয়ৰ বিজেপি কাৰ্যালয়ত পেট্ৰল বোমা নিক্ষেপ কৰিছিল।

Related News