কৃষ্ণাইত চাঞ্চল্য : কালভাৰ্টৰ তলত অগ্নিদগ্ধ বাইক উদ্ধাৰ

IMG-20190126-WA0024

গণৰাজ্য দিৱসৰ দিনাই গোৱালপাৰা জিলাৰ মৰনৈৰ অন্তৰ্গত মাগুৰমাৰীত এটা অঘটন ঘটিছে। ঘটনাৰ বাৱৰণি অনুসৰি,  অচিনাক্ত দুৰ্বৃত্তই এখন বাইক জ্বলাই দিয়ে ।

এটা কালভাৰ্টৰ তলত উক্ত বাইকখন কোনো লোকে জ্বলাই পেলাই থৈ যায়৷ কালভাৰ্টৰ ভিতৰত এখন অগ্নিদগ্ধ বাইক উদ্ধাৰ হোৱা ঘটনাটোৱে সমগ্ৰ অঞ্চলটোতে এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে৷

এতিয়ালৈকে বাইকৰ গৰাকীৰ সন্ধান ওলোৱা নাই৷ বাইকৰ গৰাকীক কোনো লোকে হত্যা কৰি বাইকখন জ্বলাই দিয়াৰ সন্দেহ কৰিছে স্থানীয় ৰাইজে। ৰাইজে ইতিমধ্যে আৰক্ষীক খৱৰ দিছে হৈছে যদিও বাতৰি লিখাৰ পৰলৈকে আৰক্ষী ঘটনাস্থলীত আহি উপস্থিত হোৱা নাই৷