‘জাতীয় নায়ক’ৰ সন্মুখতে জাতীয় সংগীতৰ বিকৃতি বিজেপিৰ বুথ কমিটীৰ সভাত (ভিডিঅ’টো চাবলৈ ক্লিক কৰক)

JatiyaSangeet

মাজুলী জিলাৰ বুথ কমিটীৰ এখন সভাত বিকৃত ৰূপত জাতীয় সংগীত পৰিৱেশনৰ দৃশ্য।

‘জাতীয় নায়ক’ খ্যাত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিতে মুখ্য মন্ত্ৰীজনৰ গৃহ জিলা মাজুলীৰ জিলা পৰ্য্যায়ৰ এখন বুথ সন্মিলনত অসমৰ জাতীয় সংগীতটোক অতি বিকৃত ৰূপত পৰিৱেশন কৰা এটা ভিডিঅ’ই তুমুল আলোড়নৰ সৃষ্টি কৰিছে ছ’চিয়েল মিডিয়াত।

ঘটনাটোৰ সময় কেইবামাহৰ আগৰ যদিও শেহতীয়াকৈহে পোহৰলৈ আহিছে অসমীয়া মানুহে অতি শ্ৰদ্ধাৰে অন্তৰত ঠাই দি অহা গীতটিৰ এই বিকৃতকৰণ।

ছ’চিয়েল মিডিয়াত এই ঘটনাটোৰ দৃশ্য সম্বলিত ভিডিঅ’টো এতিয়া ভাইৰেল হৈ পৰিছে। ভিডিঅ’টোত দেখা গৈছে বিজেপিৰ এজন নেতাই হাতত লাউডস্পীকাৰটো লৈ গীতটো বিকৃতভাৱে গাই গৈছে আৰু বাকীসকলেও কোনো আপত্তি নকৰাকৈ তেওঁৰ সৈতে কণ্ঠ নিগৰাইছে।

উল্লেখযোগ্য যে সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ দ্বাৰা ৰচিত ‘অ’ মোৰ আপোনাৰ দেশ’ শীৰ্ষক সুৰীয়া আৰু গভীৰ অৰ্থপূৰ্ণ তথা জাতীয়তাবোধৰ ভাবেৰে গধুৰ গীতটি বিকৃত ৰূপত পৰিৱেশ কৰাৰ সময়ত উপস্থিত আছিল মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল। বুথ কমিটীৰ সভাখনৰ উপস্থিত থকা সোণোৱালকে ধৰি অন্যান্যসকলকো বিজেপিৰ উক্ত নেতাজনৰ এনে কাৰ্য্যত আপত্তি কৰা দেখা নগ’ল।