অষ্ট্ৰেলিয়াৰ মডেল ছিয়েনা ৱেয়াৰে সৰুৰে পৰা ঘোঁৰা চলাবলৈ ভাল পাইছিল। কেৱল চলাবলৈ নহয়, ঘোঁৰা ছেকুৰাই দূৰন্ত গতিত দৌৰিছিল। ছোৱালীৰ তেনেকুৱা চখত তেওঁৰ মাক-দেউতাকে ভয় খাইছিল – কেতিয়া জানো দুৰ্ঘটনা ঘটে! তেওঁলোকৰ সেই ভয়েই সঁচা হ’ল। ঘোঁৰাৰ পৰা পৰি আহত হৈ ২৩ বছৰীয়া মডেলগৰাকী চিকিৎসালয়ত ভৰ্তি হয়। কিন্তু শেষত তেওঁক বচাব পৰা নগ’ল। যোৱা বৃহস্পতিবাৰে চিকিৎসাধীন অৱস্থাত তেওঁৰ মৃত্যু হয়।
যোৱা ২ এপ্ৰিলত অষ্ট্ৰেলিয়াৰ উইণ্ডচৰ প’ল’ ফিল্ডত ঘোঁৰাত উঠি গৈ থকা অৱস্থাত এই দুৰ্ঘটনা সংঘটিত হয়। কিছু দূৰ ঘোঁৰাত উঠি যোৱাৰ পিছত হঠাতে ঘোঁৰাটো ওলোটা খাই পৰিল। ছিয়েনা তললৈ পৰি গ’ল। মূৰকে ধৰি শৰীৰৰ একাধিক অংশত আঘাত পায়।
লগতে পঢ়ক: তোলনীয়া কন্যাক অমানুষিক নিৰ্যাতন চলোৱা মনোৰোগ বিশেষজ্ঞ ডাঃ সংগীতা দত্তক গ্ৰেপ্তাৰ
ততাতয়াকৈ তেওঁক চিকিৎসালয়লৈ নিয়া হ’ল। শাৰীৰিক অৱস্থাৰ অৱনতি ঘটাত তেওঁক লাইফ চাপোৰ্টত ৰখা হয়।
এমাহ ধৰি লাইফ চাপোৰ্টত থাকিলেও চিকিৎসকে কোনো ভাল খবৰ দিব নোৱাৰিলে। অৱশেষত পৰিয়ালৰ সিদ্ধান্ত মৰ্মে তেওঁৰ লাইফ চাপোৰ্ট খুলি দিয়া হ’ল। সৰুতে মডেলিং জগতত প্ৰৱেশ কৰা ছিয়েনাৰ কিছু সময়ৰ পিছতে মৃত্যু হয়।
মডেল হিচাপে তেওঁ অতি জনপ্ৰিয় আছিল ছিয়েনা ৱেয়াৰ। ২০২২ চনত মিছ ইউনিভাৰ্ছ অষ্ট্ৰেলিয়া প্ৰতিযোগিতাৰ ফাইনেলত প্ৰৱেশ কৰিছিল।
লগতে পঢ়ক: চাণক্য নীতি: পত্নীক কেতিয়াও ভুলতেও নক’ব এই ৪টা কথা; নহ’লে পস্তাব লাগিব গোটেই জীৱন
মডেল হোৱাৰ উপৰিও অভিনয়ৰ প্ৰতিও তেওঁৰ বিশেষ আগ্ৰহ আছিল ছিয়েনাৰ। শেহতীয়াকৈ তেওঁ অভিনয়ৰ কেৰিয়াৰ গঢ়িবলৈ ইংলেণ্ডলৈ গুচি যায়। তেওঁৰ পৰিয়ালৰ বহু সদস্য ইংলেণ্ডত থাকে।
কিন্তু অভিনয়ৰ ক্ষেত্ৰত তেওঁৰ কেৰিয়াৰ গঢ়া নহ’ল। তাৰ আগতে তেওঁৰ প্ৰিয় চখটোৱে তেওঁৰ প্ৰাণ কাঢ়ি ল’ল। ছিয়েনাৰ মৃত্যুত তেওঁৰ বন্ধু-বান্ধৱ, পৰিয়াল তথা সহকৰ্মীসকল শোকস্তব্ধ হৈ পৰে।