NORTHEAST NOW (Assamese)

ত্ৰিপুৰা-বাংলাদেশ সীমান্তত উদ্ধাৰ শিলচৰৰ নিৰুদ্দিষ্ট যুৱতীঃ ‘লাভ জেহাদ’ৰ অভিযোগ হিন্দুত্ববাদী সংগঠনৰ

January 11, 2024 9:07 pm · এন ই নাও নিউজ, গুৱাহাটী

যোৱা ৭ জানুৱাৰীৰ পৰা ৰহস্যজনকভাৱে নিৰুদ্দেশ হৈ থকা কাছাৰৰ এগৰাকী যুৱতী আজি ত্ৰিপুৰা-বাংলাদেশ সীমান্তত উদ্ধাৰ হয়। অসম আৰক্ষীয়ে সীমান্ত নিৰাপত্তা বাহিনী, চমুকৈ বি এছ এফৰ সহায়ত উদ্ধাৰ কৰে যুৱতীগৰাকীক।

লক্ষণীয়ভাৱে যুৱতীগৰাকীৰ পৰিয়ালে এগৰাকী যুৱকৰ বিৰুদ্ধে উত্থাপন কৰিছিল অপহৰণৰ অভিযোগ। যুৱতীগৰাকীৰ সৈতে একেটা প্ৰতিষ্ঠানতে কাম কৰা এজন যুৱকৰ বিৰুদ্ধে উঠাপন হৈছিল এই অভিযোগ।

যুৱতীগৰাকীৰ মাতৃৰ অভিযোগ অনুসৰি, দুয়ো কংগ্ৰেছ নেতা ড০ ছামছুৰ ৰহমানৰ মালিকানাধীন এটা স্বাস্থ্য কেন্দ্ৰত কৰ্মৰত আছিল। দুয়োৰে মাজত গঢ়ি উঠিছিল প্ৰেমৰ সম্পৰ্ক। কিন্তু যুৱকজনে লুকুৱাই ৰাখে নিজৰ প্ৰকৃত ধৰ্মীয় পৰিচয়।

জন্মসূত্ৰে মুছলমান ধৰ্মাৱলম্বী মুমিন নামৰ যুৱকজনে নিজকে যুৱতীগৰাকীৰ আগত হিন্দু বুলি পৰিচয় দিছিল। কিন্তু পিছত তেওঁৰ প্ৰকৃত ধৰ্মীয় পৰিচয়ৰ বিষয়ে জানিব পাৰি যুৱতীগৰাকীয়ে মুমিনৰ সৈতে সম্পৰ্ক ছিন্ন কৰাৰ সিদ্ধান্ত লয়।

কিন্তু তাৰ পিছতে মুমিনে তেওঁৰ হাতত থকা যুৱতীগৰাকীৰ কিছু আপত্তিজনক ফটো ব্যৱহাৰ কৰি ব্লেকমেইলিঙৰ আশ্ৰয় লয়। এনে ভাবুকিৰ মাজতে ৭ জানুৱাৰীত যুৱতীগৰাকী ৰহস্যজনকভাৱে নিৰুদ্দেশ হয়।

লগে লগে তেওঁৰ মাতৃ আৰক্ষীৰ কাষ চাপে আৰু মুমিনৰ বিৰুদ্ধে অপহৰণৰ অভিযোগ তোলে। এই অভিযোগৰ আধাৰত অভিযান চলাই কাছাৰ আৰক্ষীয়ে বি এছ এফৰ সহায়ত ত্ৰিপুৰা-বাংলাদেশ সীমান্তত দুয়োকে উদ্ধাৰ কৰে।

আৰক্ষীয়ে দুয়োকে জিম্মাত লোৱা বুলি নিশ্চিত কৰিছে। ইফালে যুৱতীগৰাকীৰ নিৰুদ্দেশৰ পিছতে‘লাভ জেহাদ’ৰ অভিযোগ কৰে বিশ্ব হিন্দু পৰিষদৰ এগৰাকী নেতাই। তেওঁ অভিযুক্ত মুমিনক এগৰাকী বাংলাদেশী নাগৰিক বুলি অভিযোগ কৰে।

তেওঁৰ অভিযোগ, হিন্দু যুৱতীগৰাকীক বাংলাদেশী যুৱকজনে প্ৰেমৰ প্ৰলোভনেৰে বলপূৰ্বক ধৰ্মান্তৰকৰণ কৰি বাংলাদেশলৈ লৈ যোৱাৰ চেষ্টা কৰে। কিন্তু অসম আৰু ত্ৰিপুৰা আৰক্ষীয়ে এই দাবী নাকচ কৰে।

আৰক্ষীয়ে অভিযুক্ত মুমিন ত্ৰিপুৰাৰ বাসিন্দা আৰু কৰ্মসূত্ৰে শিলচৰত আছিল বুলি নিশ্চিত কৰিছে।

Related News