মহিলা ক্ৰিকেট : ভাৰতৰ মিথালী ৰাজে সংগ্ৰহ কৰিলে ১০,০০০ আন্তঃৰাষ্ট্ৰীয় ৰাণ

১০,০০০ ৰাণ সংগ্ৰহ কৰা দ্বিতীয়গৰাকী মহিলা ক্ৰিকেটাৰ হিচাপে অভিলেখ গঢ়িলে মিথালীয়ে

ভাৰতীয় মহিলা ক্ৰিকেট দলৰ অধিনায়িকা মিথালী ৰাজ শুকুৰবাৰে এক অনন্য অভিলেখৰ গৰাকী হৈছে।

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত দ্বিতীয়গৰাকী মহিলা ক্ৰিকেটাৰ হিচাপে তেওঁ ১০,০০০ ৰাণ সংগ্ৰহ কৰি এই অভিলেখৰ গৰাকী হৈছে।

৩৮ বছৰীয়া বেটছমেনগৰাকীয়ে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে চলিত শৃংখলাৰ তৃতীয়খন এদিনীয়া মেচত ৩৬ ৰাণৰ ইনিংছটোৰ দ্বাৰা তেওঁ এই  লক্ষ্যত উপনীত হয়।

কিন্তু তেওঁৰ এই অভিলেখৰ গৰাকী হ’লেও বেটছঅ’মেনগৰাকীৰ বাবে দিনটো সুখকৰ নহ’ল।

শুকুৰবাৰে লক্ষ্নৌৰ অটল বিহাৰী বাজপেয়ী একানা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হোৱা তৃতীয়খন বৰ্ষাবিঘ্নিত মেচত দক্ষিণ আফ্ৰিকাই ৬ উইকেটত বিজয়সাব্যষ্ট কৰিছে।

প্ৰথমে বেট ধৰি পুনম ৰাউটৰ ৭৭ (১০৮) ৰাণৰ সহায়ত ভাৰতে ৫উইকেট হেৰুৱাই ২৪৮ ৰাণ সংগ্ৰহ কৰে।

পুনমৰ উপৰিও মিথালী ৰাজ, হৰমনপ্ৰীত কৌৰ আৰু দীপ্তি শৰ্মাই ৩৬ ৰাণকৈ বৰঙণি আগবঢ়ায়।

দক্ষিণ আফ্ৰিকাৰ হৈ শ্বাবনিম ইছমাইলে দুটাকৈ উইকেট দখল কৰে।

দ্বিতীয় ইনিংছত দক্ষিণ আফ্ৰিকাৰ অপেনিং বেটছঅ’মেন লিজেলী লীয়ে ১৩২ (১৩১) ৰাণৰ এক দুৰ্দান্ত ইনিংছৰ সহায়ত বিজয়লক্ষ্যত উপনীত হয়।

ভাৰতৰ হৈ ঝুলন গোস্বামীয়ে দুটাকৈ উইকেট দখল কৰে।

উল্লেখযোগ্য যে বৰ্ষাবিঘ্নিত মেচখনত ডি.এল.এছ. পদ্ধতিৰ সহায়ত দক্ষিণ আফ্ৰিকাই ৪৬.৩ অভাৰত ২২৩ ৰাণ সংগ্ৰহ কৰাৰ লগে লগে দলটোৱে বিজয় সাব্যষ্ট কৰে।

এই বিজয়েৰে পাঁচখনীয়া শৃংখলাটোত দক্ষিণ আফ্ৰিকাই ২-১ৰ অগ্ৰগতি লাভ কৰিলে।

উল্লেখযোগ্য যে ১০,০০০ আন্তঃৰাষ্ট্ৰীয় ৰাণ সংগ্ৰহ কৰা প্ৰথমগৰাকী মহিলা ক্ৰিকেটাৰ আছিল ইলেণ্ডৰ প্ৰাক্তন অধিনায়িকা চাৰ্লট্ট এডৱাৰ্ডছ।

মিথালী ৰাজে বৰ্তমানলৈকে ২১০খন এদিনীয়া মেচত ৬,৯৭৪ ৰাণ সংগ্ৰহ কৰিছে।

৮৯খন টি-২০ মেচত সংগ্ৰহ কৰিছে ২,৩৬৫ৰাণ।

আনহাতে ১০খন টেষ্টমেচত সংগ্ৰহ কৰিছে ৬৬৩ ৰাণ।

এদিনীয়া, টি-২০ আৰু টেষ্ট- সকলো মিলাই সোঁহতীয়া বেটছঅ’মেনগৰাকীয়ে মুঠ ১০,০০১ ৰাণ সংগ্ৰহ কৰিছে।

ৰাজস্থানৰ ক্ৰিকেটাৰগৰাকীয়ে বৰ্তমানলৈকে মুঠ ৯টা আন্তঃৰাষ্ট্ৰীয় শতক আৰু ৫৯ টা অৰ্ধশতক অৰ্জন কৰিছ।

ভাৰতীয় মহিলা ক্ৰিকেট টীমৰ বেটিংস্তম্ভৰ মূলখুঁটি মিতালী ৰাজৰ এদিনীয়া ক্ৰিকেটত এভাৰেজ ৰাণ হৈছে ৫০.৬৪।

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত সৰ্বাধিক ৰাণ সংগ্ৰহ কৰা ক্ৰিকেটাৰৰ তালিকাত চাৰ্লট্ট এডৱাৰ্ডছ আৰু মিথালী ৰাজৰ পাছতে আছে নিউজিলেণ্ডৰ চুজী বেটছ (৭,৮৪৯), ৱেষ্ট ইণ্ডিজৰ ষ্টেফানী টেইলৰ (৭,৮১৬) আৰু অষ্ট্ৰেলিয়াৰ মেগ লান্নিং (৬,৯০০)।