NORTHEAST NOW (Assamese)

মিজোৰামত বিগত ২৪ ঘণ্টাত ১৬ গৰাকী বি এছ এফৰ জোৱান ক’ৰ’না প’জিটিভ

September 23, 2020 6:12 pm · এন ই নাও নিউজ

মিজোৰামত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ অব্যাহত আছে। বিগত ২৪ ঘণ্টাত ৰাজ্যখনত নতুনকৈ ২২ গৰাকী লোকৰ শৰীৰত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰে।

ইয়াৰ ফলত মিজোৰামত ক’ৰ’না আক্ৰান্ত লোকৰ সংখ্যা ১৭০০ গৰাকীলৈ বৃদ্ধি পায়।

মিজোৰামত নতুনকৈ ক’ৰ’না আক্ৰান্ত হোৱা ২২ গৰাকী লোকৰ ভিতৰত ১৬ গৰাকী সীমান্ত সুৰক্ষা বাহিনীৰ জোৱান।

মিজোৰামত বিগত ২৪ ঘণ্টাত ক’ৰ’না আক্ৰান্ত হোৱা লোক সকল ১৫ বছৰৰ পৰা ৫৭ বছৰ বয়সৰ লোক।

আনহাতে, বৰ্তমান ৰাজ্যখনৰ বিভিন্ন চিকিৎসালয়ত ৬৯০ গৰাকী সক্ৰিয় কোভিড ৰোগী চিকিৎসাধীন হৈ আছে।

মিজোৰামৰ স্বাস্থ্য বিভাগে প্ৰকাশ কৰা অনুসৰি ৰাজ্যখনত এতিয়ালৈ মুঠ ১০২৩ গৰাকী লোক চিকিৎসাৰ অন্তত ক’ৰ’না ভাইৰাছৰ পৰা আৰোগ্য হৈ উঠিছে।

ৰাজ্যখনত আৰোগ্যৰ হাৰ ৫৯.৭২ শতাংশ।

মিজোৰামত এতিয়ালৈ ৬৪,৩১২ টা নমুনাৰ পৰীক্ষা সম্পন্ন কৰা হৈছে।

উল্লেখযোগ্য যে, মিজোৰামত বৰ্তমানলৈ কোনো লোকৰ ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ ফলত মৃত্যু হোৱা নায়।

Related News