ক’ভিডৰ বিৰুদ্ধে যুঁজিবলৈ মিজোৰামৰ ৰাজ্যপালে ৬ মাহলৈ আগবঢ়াব ৩০ শতাংশ দৰমহা

মিজোৰামৰ ৰাজ্যপাল পি এছ শ্ৰীধৰণ পিল্লাই

মহামাৰী ক’ৰ’না ভাইৰাছৰ বিৰুদ্ধে যুঁজিবলৈ মিজোৰামৰ ৰাজ্যপাল পি এছ শ্ৰীধৰণ পিল্লাইয়ে অহা ৬ মাহৰ বাবে নিজৰ দৰমহাৰ ৩০ শতাংশ ধন আগবঢ়োৱাৰ সিদ্ধান্ত লোৱা বুলি ৰাজ ভৱনৰ এক সূত্ৰই জনায়।

ইতিমধ্যে ১ লাখৰো অধিক টকা ক’ভিড-১৯ ফাণ্ড অৰ্থাৎ মুখ্য মন্ত্ৰীৰ সাহায্য পুঁজিলৈ আগবঢ়াইছে ৰাজ্যপাল পিল্লাইয়ে।

ভাইৰাছবিধে বিশ্ববাসীক আতংকিত কৰি তোলাৰ লগতে অৰ্থনৈতিকভাৱে ক্ষতিগ্ৰস্ত কৰাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজপাল গৰাকীয়ে ২০২০-২১ বিত্তীয় বৰ্ষত ৰাজ ভৱনৰ ব্যয় হ্ৰাস কৰাৰ সিদ্ধান্ত লৈছে।

সূত্ৰটোৱে জনোৱা অনুসৰি ২০২০-২১ বিত্তীয় বৰ্ষত ৰাজ ভৱনৰ নতুন কাম-কাজ অথবা মেৰামতি আদিৰ ক্ষেত্ৰত ব্যয় হ্ৰাস কৰা হ’ব।

উল্লেখ্য যে মিজোৰাম যোৱা সোমবাৰলৈকে ক’ৰ’না মুক্ত ৰাজ্য হিচাপে আছিল যদিও নিশা একেলগে ১২ গৰাকী ক’ভিড-১৯ পজিটিভ পোৱা যায়।

মিজোৰামৰ একমাত্ৰ ক’ৰ’নাত আক্ৰান্ত ৰোগীজন যোৱা ৯ মে’ত সুস্থ হৈ উঠাৰ পিছৰে পৰা ৰাজ্যখন গ্ৰীণ জ’ন হিপে চিহ্নিত হৈছিল।