মিজোৰামৰ বেচৰকাৰী সংস্থাসমূহৰ সমন্বয়ৰক্ষী সমিকে ধৰি ইয়াৰ প্ৰধান বেচৰকাৰী সংস্থা চি ওৱাই এম এ, এম য়ু পি, এম এইচ আই পি, এম জি পি আৰু এম এচ য়ুয়ে আজি এখন জৰুৰী বৈঠকত অংশগ্ৰহণ কৰি আগন্তুক লোকসভা নিৰ্বাচন বৰ্জন কৰাৰ সিদ্ধান্ত লয়। সংস্থাসমূহে ৮ এপ্ৰিলৰ পাৰ কাৰ্য্যকৰী হোৱাকৈ ৰাজ্যত অনিৰ্দিষ্ট কাললৈ বন্ধ কাৰ্য্যসূচীও ঘোষণা কৰে।
ত্ৰিপুৰাৰ আশ্ৰয় শিৱিৰত আশ্ৰয় লৈ থকা ব্ৰু শৰনাৰ্থী সকলৰ ভোটগ্ৰহণ কেন্দ্ৰক ইচ্ছ্যু হিচাপে লৈ বন্ধ ঘোষণা কৰা হৈছে।
ত্ৰিপুৰাত থকা ব্ৰু শৰণাৰ্থী সকলে যাতে বিশেষ ভোটগ্ৰহণ কেন্দ্ৰৰ বিপৰীতে নিজৰ নিজৰ অঞ্চলৰ ভোটগ্ৰহণ কেন্দ্ৰত ভোটদান কৰিব পাৰে তাৰবাবে দাবী জনাই মিজোৰামৰ বেচৰকাৰী সংস্থাসমূহৰ সমন্বয়ৰক্ষী সমিতিয়ে। ২০১৮ বৰ্ষৰ বিধান সভা নিৰ্বাচনৰ সময়ত মিজোৰাম আৰু ত্ৰিপুৰা সীমান্তৰ কামহুম গাঁওত বিশেষ ভোট গ্ৰহণ কেন্দ্ৰৰ ব্যৱস্থা কৰি ব্ৰু শৰণাৰ্থী সকলক ভোট দিয়াৰ ব্যৱস্থা কৰা হৈছিল।
কানহুম গাঁৱত স্থাপন কৰা ১৫ টা ভোটগ্ৰহণ কেন্দ্ৰত ৫২% ভোটাৰ, মুঠ ১১৯৮৭ জন ব্ৰু শৰণাৰ্থীয়ে ভোট দান কৰিছিল। ত্ৰিপুৰা চৰকাৰে ভোটাৰ সকলক অনা নিয়াৰ বাবে যাতায়তৰো ব্যৱস্থা কৰিছিল।
স্বেচ্ছাসেৱী সংস্থাসমূহে নিৰ্বাচনৰ সময়ত ব্যৱসায়ীক আৰু ব্যক্তিগত যান-বাহন সমূহত সহযোগিতা নকৰাৰ বাবে আহ্বান জনাইছে।