NORTHEAST NOW (Assamese)

মিজোৰামত চাৰিগৰাকী বি এছ এফৰ জোৱানৰ সৈতে মুঠ ১২ গৰাকী লোক নতুনকৈ ক’ৰ’না প’জিটিভ

September 16, 2020 1:47 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক ফটো

মিজোৰামত বিগত ২৪ ঘণ্টাত চাৰিগৰাকী বি এছ এফৰ জোৱানৰ লগতে মুঠ ১২ গৰাকী লোকৰ শৰীৰত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰে।

মিজোৰামৰ জনসংযোগ বিভাগে উল্লেখ কৰা অনুসৰি, নতুনকৈ ক’ৰ’না আক্ৰান্ত হোৱা লোক কেইগৰাকীৰ ভিতৰত চাৰিগৰাকী আইজল জিলাৰ, পাঁচগৰাকী চাৰ্শ্বিপ জিলাৰ, দুগৰাকী কোলাইচিব জিলাৰ আৰু এগৰাকী পশ্চিম মিজোৰামৰ মমিত জিলাৰ।

মিজোৰামত শেহতীয়াভাৱে ক’ৰ’না আক্ৰান্ত হোৱা সকলৰ ভিতৰত দুগৰাকী ট্ৰাক চালক আৰু দুয়ো অসমৰ পৰা মিজোৰামলৈ গৈছিল।

আনহাতে, ক’ৰ’না আক্ৰান্ত হোৱা বি এছ এফৰ জোৱান কেইগৰকী উত্তৰপ্ৰদেশ, মহাৰাষ্ট্ৰ আৰু ওড়িশাৰ পৰা মিজোৰামলৈ আহিছিল।

মিজোৰামৰ স্বাস্থ্য বিভাগে সদৰী কৰা অনুসৰি মিজোৰামৰ বিভিন্ন চিকিৎসালয়ত বৰ্তমান সময়ত ৫৫৮ গৰাকী সক্ৰিয় কোভিড ৰোগী চিকিৎসাধীন হৈ আছে।

ৰাজ্যখনত এতিয়ালৈ মুঠ ৯২২ গৰাকী ক’ৰ’না আক্ৰান্ত চিকিৎসাৰ অন্তত সুস্থ হৈ উঠিছে।

Related News