NORTHEAST NOW (Assamese)

মিজোৰামত ক’ৰ’না আক্ৰান্তৰ সংখ্যা ১০০০ অতিক্ৰম

August 29, 2020 8:56 am · এন ই নাও নিউজ

মিজোৰামত শুকুৰবাৰে ক’ৰ’না ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হোৱা লোকৰ সংখ্যাই ১০০০ৰ সীমা অতিক্ৰম কৰে।

মিজোৰামত ক’ৰ’না আক্ৰান্তৰ সংখ্যা ১০০০ অতিক্ৰম কৰাৰ বিপৰীতে ত্ৰিপুৰা আৰু অসমত ক’ৰ’না আক্ৰান্তৰ সংখ্যা ১০০০০ আৰু ১০০০০০ অতিক্ৰম কৰে।

আনহাতে, ভাৰতৰ ভিতৰত মিজোৰামে একমাত্ৰ ৰাজ্য য’ত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ ফলত এতিয়ালৈ কোনো লোকৰ মৃত্যু হোৱা নায়।

মিজোৰামৰ স্বাস্থ্য বিভাগে উল্লেখ কৰা অনুসৰি মিজোৰামত বিগত ২৪ ঘণ্টাত ২৯ গৰাকী লোক নতুনকৈ ক’ৰ’না ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈছে।

ইয়াৰ ফলত ৰাজ্যখনত ক’ৰ’না আক্ৰান্ত লোকৰ সংখ্যা ১০০৩ গৰাকীলৈ বৃদ্ধি পায়। মিজোৰামত এতিয়ালৈ মুঠ ৫১৪ গৰাকী লোক চিকিৎসাৰ অন্তত ক’ৰ’নাৰ পৰা সম্পুৰ্ণ ৰূপে আৰোগ্য হৈ উঠিছে।

মিজোৰামত ক’ৰ’না আক্ৰান্ত হোৱা ১০০৩ গৰাকী লোকৰ ভিতৰত ১৭৫ গৰাকী মহিলা আৰু ৩৩.৩৩ শতাংশ কেন্দ্ৰীয় পেৰামিলিটাৰী বাহিনীৰ জোৱান।

Related News