• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 17, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

প্ৰধান মন্ত্ৰীয়ে শিক্ষিত মানুহৰ পৰামৰ্শ নলয়; মোদীক কটাক্ষ বিজেপি সাংসদ সুব্ৰমনিয়াম স্বামীৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , August 29, 2020 8:49 am

2 min read

Modi -Swami

বিজেপি সাংসদ সুব্ৰমনিয়াম স্বামী আৰু প্ৰধান মন্ত্ৰী মোদী।

697
VIEWS
Share on FacebookShare on Twitter

বিজেপিৰ জ্যেষ্ঠ নেতা তথা সাংসদ সুব্ৰমনিয়াম স্বামীৰ এইবাৰ আক্ৰমণৰ লক্ষ্য হৈ পৰিছে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী।

JEE-NEET পৰীক্ষাক লৈ সমগ্ৰ দেশতে বিতৰ্কই চূড়ান্ত পৰ্যায় লাভ কৰিছে। শিক্ষাৰ্থীৰ লগতে বিৰোধী দলসমূহেও পৰীক্ষা অনুষ্ঠিত নকৰাৰ বাবে দাবী উত্থাপন কৰিছে।

ইয়াৰ বিপৰীতে কেন্দ্ৰীয় চৰকাৰ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ বদ্ধ পৰিকৰ।

ইয়াৰ মাজতে বিজেপি সাংসদ সুব্ৰমনিয়াম স্বামীয়ে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক তীব্ৰ আক্ৰমণৰ লক্ষ্য কৰি ল’লে।

এটা টুইটত স্বামীয়ে লিখিছে,’’মোদী চৰকাৰে তেতিয়াহ’লে ধনী ছাত্ৰ-ছাত্ৰীসকলৰ কথা মনত ৰাখিয়েই পৰীক্ষা অনুষ্ঠিত কৰিব বিচাৰিছে? যিহেতু কৰ’না পৰিস্থিতিৰ বাবে  দেশৰ বহু দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন কৰিব পৰা নাই।‘’

স্বামীয়ে পূৰ্বেও এই বিষয়ত সৰৱ হৈ আহিছিল যদিও এইবাৰ তেওঁ পোনপোটীয়াকৈ প্ৰধান মন্ত্ৰী মোদীক লক্ষ্য কৰি লৈছে।

স্বামীয়ে শুকুৰবাৰে টুইট কৰি লিখিছে,’’শিক্ষা বিষয়ত আৰু মাৰ্জিত হ’বলৈ হ’লে প্ৰধান মন্ত্ৰীৰ পৰামৰ্শদাতাসকল অধিক নিৰ্ভৰযোগ্য হ’ব লাগিব। মোদীয়ে সদায় বেয়া পৰামৰ্শ লাভ কৰি থাকে।‘’

তেওঁ লগতে টুইটটোত লিখিছে,’’মই ৫০বছৰ ধৰি হাৰ্ভাৰ্ড আৰু দিল্লী আইআইটিত অধ্যাপনা কৰিছো। পিচে, তেওঁ কেতিয়াও মোৰ পৰা পৰামৰ্শ নলয়।‘’

@AtharvaSunilSh1 : PMs not being accomplished academics have to rely on advisers. Modi has got bad advice. He did not consult me though I have been a Professor for 50 years at Harvard and IIT/Delhi

— Subramanian Swamy (@Swamy39) August 27, 2020

সুব্ৰমিনয়াম স্বামীৰ এই মন্তব্যই ইতিমধ্যে বিভিন্ন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

প্ৰধান মন্ত্ৰীৰ পৰামৰ্শদাতাৰ যোগ্যতা তথা মোদীয়ে পৰামৰ্শ লোৱাৰ ক্ষেত্ৰত সদিচ্ছা নেদেখুৱাৰ বিষয় লৈ দলৰ এগৰাকী জ্যেষ্ঠ আৰু পুৰোধা নেতাৰ এনে মন্তব্যই স্বাভাৱিকতে বিজেপিক অস্বস্তিত পেলাইছে।

ইপিনে, আন পৰীক্ষাৰ যি হওক নহওক, JEE-NEET পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে সম্পূৰ্ণ সাজু হৈছে কেন্দ্ৰীয় চৰকাৰ।

প্ৰথমৰে পৰা ইয়াৰ বিৰোধিতা কৰি অহা সুব্ৰমনিয়াম স্বামীয়ে সেয়েহে এইবাৰ প্ৰধান মন্ত্ৰী মোদীকে তেওঁৰ স্বভাৱসুলভ ভংগীমাৰে আক্ৰমণৰ লক্ষ্য কৰি লৈছে।

Recent News

IMG-20210116-WA0054

বোকাখাতত প্ৰথম দিনা ৬৭ গৰাকী স্বাস্থ্য কৰ্মীক ক’ভিড১৯ৰ প্ৰতিষেধক প্ৰদান

WhatsApp Image 2021-01-16 at 6.46.28 PM

গুৱাহাটীত ক’ভিড-১৯ৰ টীকাকৰণ অভিযানৰ শুভাৰম্ভ স্বাস্থ্য মন্ত্ৰীৰ; তিনি বিশিষ্ট চিকিৎসকে ল’লে ভেকচিন

WhatsApp Image 2021-01-16 at 6.46.03 PM

অজাপৰ যোগদান সমাৰোহ; এইবাৰ অসমত জাতীয়তাবাদৰ চৰকাৰ অহাটো নিশ্চিত: লুৰীণজ্যোতি গগৈ

IMG-20210116-WA0008

কেৱল গোৰ্খা ভোটেৰে জয়ী হৈ দেখুৱাওক বিধায়ক ভাস্কৰ শৰ্মাই; লেখাপানীত ১০ সংগঠনৰ হুংকাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd