NORTHEAST NOW (Assamese)

মাজুলীত দলঙৰ আধাৰশিলা স্থাপন অনুষ্ঠানতেই বিধায়ক উৎপল দত্তক ঘেৰাও

November 1, 2018 5:15 pm · মিটু খাটনিয়াৰ

অৱশেষত  মাজুলী লখিমপুৰ সীমান্তৱৰ্তী লুইত-খাৱলুবাসীৰ সমস্যা সমাধানৰ পথত। বাট-পথৰ দুৰৱস্থাৰ বাবেই দীৰ্ঘদিন ধৰি দুৰ্ভোগ ভুগি আহিছিল লুইত- খাৱলুবাসীয়ে।

শেহতীয়ভাৱে স্বাধীনতাৰ বাসত্তৰ বছৰৰ পাছত লুইত-খাবলুত নিৰ্মাণ হ’বলগীয়া তিনিখন কাঠৰ দলঙৰ আধাৰশিলা আজি স্থাপন কৰা হৈছে। উক্ত কাঠৰ দলং তিনিখনৰ আধাৰশিলা আজি আনুষ্ঠানিকভাবে স্থাপন কৰে বিধায়ক উৎপল দত্ত, ৰণোজ পেগু আৰু সাংসদ প্ৰদান বৰুৱাই।

সমষ্টিবাসী ৰাইজৰ বৃহত্তৰ স্বাৰ্থলৈ পিঠি দি কেবল নিৰ্বাচনৰ সময়ত ভোটৰ বাবে লুইত-খাবলুলৈ অহাৰ অভিযোগত ৰাইজে বিধায়ক উৎপল দত্তক ঘেৰাও কৰে। লুইত-খাবলুৰ মহিলাসকলে বিধায়কগৰাকীক ঘেৰাও কৰি এটা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে।

উল্লেখ্য বাট-পথৰ দুৰৱস্থাৰ বাবেই  প্ৰসুতিয়ে বাটতে প্ৰসৱ কৰা, ৰোগীক ঠেলাত চিকিৎসালয়লৈ অনা, বাটতে ৰোগীৰ মৃত্যু হোৱা আদিৰ দৰে হৃদয় বিদাৰক ঘটনাই সংবাদ মাধ্যমত প্ৰচাৰিত হৈ আহিছে।

ইফালে আজি স্থাপন কৰা তিনিখন কাঠৰ দলঙৰ আধাৰশিলা পঞ্চায়ত নিৰ্বাচনৰ বৈতৰণী নদী পাৰ হোৱাৰ দলং নহৈ সঁচা অৰ্থত দলং নিৰ্মাণ হয়, লুইত-খাৱলুবাসীয়ে তাৰেই কামনা কৰিছে।

Related News