টীয়কৰ চিকিৎসালয়সমূহত ক’ভিড পৰিস্থিতিৰ বুজ ললে বিধায়িকা ৰেণুপমা ৰাজখোৱাই 

pp

মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত কেবিনেট মন্ত্ৰী সকলে জিলাই জিলাই ক’ভিড পৰিস্থিতিৰ বুজ লোৱাৰ সময়তে বহি থকা নাই বিধায়কসকলো ।

টীয়ক সমষ্টিৰ  বিধায়িকা ৰেণুপমা ৰাজখোৱাই   টীয়কৰ প্ৰথম প্ৰেৰিত চিকিৎসালয় ( Teok FRU ) , ভগামুখ আৰ্দশ চিকিৎসালয়, কাকজান বাগান চিকিৎসালয়ত চিকিৎসক সকলৰ সৈতে ক’ভিড মহামাৰী সংক্ৰমণ ৰোধৰ সম্পৰ্কত আলোচনাত মিলিত হোৱাৰ লগতে চিকিৎসালয়খনৰ সমস্যাসমূহৰ  বিষয়েও আজি আলোচনা কৰা কৰে ।

চিকিৎসালয় সমূহৰ প্ৰয়োজনীয় চিকিৎসকৰ লগতে চিকিৎসালয় সমূহ মেৰামতি সন্দৰ্ভতো আলোচনা কৰা হয় ।

আলোচনাৰ অন্তত  বিধায়িকা গৰাকীয়ে চিকিৎসালয়খনৰ সমস্যা সমূহ অতি সোনকালে  সমাধান কৰাৰ আশ্বাস প্ৰদান কৰে ।

টীয়ক সমষ্টিৰ অসম গণ পৰিষদৰ সভাপতি বিকাশ শইকীয়ায়ো আজিৰ আলোচনাত অংশগ্ৰহণ কৰি ক’ভিডৰ সৈতে যুঁজিবলৈ সকলোকে আহ্বান জনায় ।