NORTHEAST NOW (Assamese)

পুৰণিগুদামত মীন পালন বিষয়ক কাৰ্যসূচীত উপস্থিত বিধায়ক ৰূপক শৰ্মা; যুৱ প্ৰজন্মক মীন পালনক পেচা হিচাপে লোৱাৰ বাবে আহ্বান

July 21, 2020 7:38 pm · ভাৰ্গব হাজৰিকা
ফটো-নৰ্থ-ইষ্ট নাও

নগাঁও জিলাৰ পুৰণিগুদাম নলবৰাগা‍ঁৱত থকা জালজৰি সন্মিলনত যুৱ মঞ্চৰ কৃষি ক্ষেত্ৰত মীন পালনৰ উদ্দেশ্যে এখন সভা অনুষ্ঠিত কৰা হয়।

পুৰণিগুদামৰ শিক্ষাবিদ, সাহিত্যিক পেঞ্চনাৰ ফনীন্দ্ৰ নাথ গয়নৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা উপস্থিত থাকি মীন পালনৰ জৰিয়তে নিবনুৱা যুৱকসকল সংস্থাপন হ’ব পৰাৰ কথা উল্লেখ কৰে।

সাংবাদিক কুলপ্ৰদীপ দাসে আত ধৰা সভাত বিধায়ক শৰ্মাই জালজৰি সন্মিলিত যুৱ মঞ্চই হাতত লোৱা মীন পালনৰ আচঁনিৰ জৰিয়তে মঞ্চৰ সকলো  সদস্যই লাভৰ মুখ দেখিবলৈ সক্ষম হোৱাটো আন নিবনুৱা যুৱক যুৱতীৰ বাবে আদৰ্শ বুলি উল্লেখ কৰে।

মুখ্য মন্ত্ৰীৰ গ্ৰাম্য  উন্নয়ন যোজনাৰ আধীনত মাছৰ পোনা মেলা কাৰ্যসূচীৰ ৰূপায়ন কৰাৰ উদ্দেশ্যে অনুষ্ঠিত হোৱা উক্ত সভাত জিলা মীন উন্নয়ন বিষয়া ডঃ ৰমেন্দ্ৰ চন্দ্ৰ বৰ্মন উপস্থিত থাকি মীন পালনৰ জৰিয়তে লাভৱান হ’ব পৰা সকলো আচ‍‌ঁনিৰ বিষয়ে বাখ্যা দাঙি ধৰে।

সভাত বিজেপিৰ নগাঁও জিলা সমিতিৰ সভাপতি অভিজিৎ নাথ চামগুৰি ৰাজহ চক্ৰ বিষয়া প্ৰাঞ্জল বৰুৱা, প্ৰাক্তন জিলা পৰিষদ সদস্য অমল গায়ন উপস্থিত থাকি ভাষণ প্ৰদান কৰে।

সভাৰ আৰম্ভণিতে বিধায়ক ৰূপক শৰ্মাৰ লগতে সকলো বিশিষ্ট ব্যক্তিয়ে জালজৰি সন্মিলিত যুৱ মঞ্চৰ পুখুৰীত মাছৰ পোনা মেলা কাৰ্যসূচীৰ শুভাৰম্ভ কৰে।

উল্লেখ যোগ্য যে, ২০১৪ চনত এদল যুৱকৰ দ্বাৰা সমাজ সেৱা কৰাৰ মানসেৰে জন্ম লাভ কৰা জালজৰি সন্মিলিত যুৱ মঞ্চই প্ৰতিষ্ঠাৰ দিন ধৰি সমাজৰ উন্নয়নমুলক কামত জৰিত হৈ অহাৰ লগতে কেইবাটাও উল্লেখযোগ্য কাম কৰি পুৰণিগুদামৰ এটা আদৰ্শবান সামাজিক সংগঠনৰ পৰিচয় দাঙি ধৰিছে।

বৰ্তমান মুঠ ৭৫ গৰাকী সদস্য থকা সামাজিক সংগঠনটোৱে প্ৰতিগৰাকী সদস্যৰ বৰঙনিৰে প্ৰতিমাহে জমা হোৱা টকাৰ লগতে ক্ষুদ্ৰ ব্যৱসায়িক ঋণ দি লাভ কৰা ধনৰ ৪০ শতাংশ সামাজিক কামত ব্যৱহাৰ কৰি আহিছে।

গড়মূৰ সত্ৰৰ মুঠ ২৫ বিঘা মাটি লীজত লৈ মীন পালন আৰু অন্যান্য কৃষি কৰ্মৰ জৰিয়তে সফলতাৰ শিখৰত উপনীত হোৱা জালজৰি সন্মিলিত যুৱ মঞ্চ সকলোৰে বাবে আদৰ্শ হিছাপে পৰিগণিত হৈছে।

Related News