• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পুৰণিগুদামত মীন পালন বিষয়ক কাৰ্যসূচীত উপস্থিত বিধায়ক ৰূপক শৰ্মা; যুৱ প্ৰজন্মক মীন পালনক পেচা হিচাপে লোৱাৰ বাবে আহ্বান

ভাৰ্গব হাজৰিকা by ভাৰ্গব হাজৰিকা
July 21, 2020 7:38 pm
ফটো-নৰ্থ-ইষ্ট নাও

ফটো-নৰ্থ-ইষ্ট নাও

645
VIEWS
Share on FacebookShare on Twitter

নগাঁও জিলাৰ পুৰণিগুদাম নলবৰাগা‍ঁৱত থকা জালজৰি সন্মিলনত যুৱ মঞ্চৰ কৃষি ক্ষেত্ৰত মীন পালনৰ উদ্দেশ্যে এখন সভা অনুষ্ঠিত কৰা হয়।

পুৰণিগুদামৰ শিক্ষাবিদ, সাহিত্যিক পেঞ্চনাৰ ফনীন্দ্ৰ নাথ গয়নৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা উপস্থিত থাকি মীন পালনৰ জৰিয়তে নিবনুৱা যুৱকসকল সংস্থাপন হ’ব পৰাৰ কথা উল্লেখ কৰে।

সাংবাদিক কুলপ্ৰদীপ দাসে আত ধৰা সভাত বিধায়ক শৰ্মাই জালজৰি সন্মিলিত যুৱ মঞ্চই হাতত লোৱা মীন পালনৰ আচঁনিৰ জৰিয়তে মঞ্চৰ সকলো  সদস্যই লাভৰ মুখ দেখিবলৈ সক্ষম হোৱাটো আন নিবনুৱা যুৱক যুৱতীৰ বাবে আদৰ্শ বুলি উল্লেখ কৰে।

মুখ্য মন্ত্ৰীৰ গ্ৰাম্য  উন্নয়ন যোজনাৰ আধীনত মাছৰ পোনা মেলা কাৰ্যসূচীৰ ৰূপায়ন কৰাৰ উদ্দেশ্যে অনুষ্ঠিত হোৱা উক্ত সভাত জিলা মীন উন্নয়ন বিষয়া ডঃ ৰমেন্দ্ৰ চন্দ্ৰ বৰ্মন উপস্থিত থাকি মীন পালনৰ জৰিয়তে লাভৱান হ’ব পৰা সকলো আচ‍‌ঁনিৰ বিষয়ে বাখ্যা দাঙি ধৰে।

সভাত বিজেপিৰ নগাঁও জিলা সমিতিৰ সভাপতি অভিজিৎ নাথ চামগুৰি ৰাজহ চক্ৰ বিষয়া প্ৰাঞ্জল বৰুৱা, প্ৰাক্তন জিলা পৰিষদ সদস্য অমল গায়ন উপস্থিত থাকি ভাষণ প্ৰদান কৰে।

সভাৰ আৰম্ভণিতে বিধায়ক ৰূপক শৰ্মাৰ লগতে সকলো বিশিষ্ট ব্যক্তিয়ে জালজৰি সন্মিলিত যুৱ মঞ্চৰ পুখুৰীত মাছৰ পোনা মেলা কাৰ্যসূচীৰ শুভাৰম্ভ কৰে।

উল্লেখ যোগ্য যে, ২০১৪ চনত এদল যুৱকৰ দ্বাৰা সমাজ সেৱা কৰাৰ মানসেৰে জন্ম লাভ কৰা জালজৰি সন্মিলিত যুৱ মঞ্চই প্ৰতিষ্ঠাৰ দিন ধৰি সমাজৰ উন্নয়নমুলক কামত জৰিত হৈ অহাৰ লগতে কেইবাটাও উল্লেখযোগ্য কাম কৰি পুৰণিগুদামৰ এটা আদৰ্শবান সামাজিক সংগঠনৰ পৰিচয় দাঙি ধৰিছে।

বৰ্তমান মুঠ ৭৫ গৰাকী সদস্য থকা সামাজিক সংগঠনটোৱে প্ৰতিগৰাকী সদস্যৰ বৰঙনিৰে প্ৰতিমাহে জমা হোৱা টকাৰ লগতে ক্ষুদ্ৰ ব্যৱসায়িক ঋণ দি লাভ কৰা ধনৰ ৪০ শতাংশ সামাজিক কামত ব্যৱহাৰ কৰি আহিছে।

গড়মূৰ সত্ৰৰ মুঠ ২৫ বিঘা মাটি লীজত লৈ মীন পালন আৰু অন্যান্য কৃষি কৰ্মৰ জৰিয়তে সফলতাৰ শিখৰত উপনীত হোৱা জালজৰি সন্মিলিত যুৱ মঞ্চ সকলোৰে বাবে আদৰ্শ হিছাপে পৰিগণিত হৈছে।

Recent News

উচ্চ (কাৰিকৰী) শিক্ষা বিভাগৰ অধীনত ৩৪২ গৰাকী প্ৰাৰ্থীক নিযুক্তি-পত্র প্রদান মুখ্যমন্ত্ৰীৰ

উচ্চ (কাৰিকৰী) শিক্ষা বিভাগৰ অধীনত ৩৪২ গৰাকী প্ৰাৰ্থীক নিযুক্তি-পত্র প্রদান মুখ্যমন্ত্ৰীৰ

ফুটবলত বৃহৎ পৰিৱৰ্তন: ২০২৬ বিশ্বকাপৰ পূৰ্বে ১৩৪ বছৰীয়া পেনাল্টি নিয়ম সলনিৰ প্ৰস্তুতি

ফুটবলত বৃহৎ পৰিৱৰ্তন: ২০২৬ বিশ্বকাপৰ পূৰ্বে ১৩৪ বছৰীয়া পেনাল্টি নিয়ম সলনিৰ প্ৰস্তুতি

অসমত গতি লাভ কৰিছে বিত্তীয় অন্তৰ্ভূক্তি অভিযানে : ৰাজ্যিক বেংকাৰ সমিতি

অসমত গতি লাভ কৰিছে বিত্তীয় অন্তৰ্ভূক্তি অভিযানে : ৰাজ্যিক বেংকাৰ সমিতি

ৰূপালী পৰ্দাত দেখিবলৈ পাব ৭০-৮০ দশকৰ অসমৰ নক্সাল আন্দোলনৰ কাহিনী: ১ আগষ্টত মুক্তি লাভ কৰিব নতুন অসমীয়া ছবি “কলাজ”

ৰূপালী পৰ্দাত দেখিবলৈ পাব ৭০-৮০ দশকৰ অসমৰ নক্সাল আন্দোলনৰ কাহিনী: ১ আগষ্টত মুক্তি লাভ কৰিব নতুন অসমীয়া ছবি “কলাজ”

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd