NORTHEAST NOW (Assamese)

অবৈধ বাংলাদেশী আৰু পাকিস্তানী অনুপ্ৰৱেশকাৰীৰ সন্ধান দিয়া সকললৈ ৫০০০ টকা

February 28, 2020 6:33 pm · এন ই নাও নিউজ
সীমান্তত বি এছ এফৰ পহৰা

ৰাজ থাকৰে নেতৃত্বাধীন মহাৰাষ্ট্ৰ নৱ নিৰ্মাণ সেনাই (এম এন এছ) ঔৰাংগাবাদত আৰি দিয়া এখন বিশেষ পোষ্টাৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে।

এম এন এছৰ পোষ্টাৰখনত এনেদৰে লিখা আছে. ‘‘যিসকলে পাকিস্তান আৰু বাংলাদেশৰ পৰা অহা অবৈধ অনুপ্ৰবেশকাৰীৰ সন্ধান দিব পাৰিব তেওঁলোকে ৫০০০ টকা লাভ কৰিব।’’

এই পোষ্টাৰখনত এম এন এছৰ মুৰব্বী ৰাজ থাকৰেৰ ফটো সংলগ্ন হৈ আছে।

ইয়াৰ পূৰ্বেও এম এন এছে পাকিস্তান আৰু বাংলাদেশৰ পৰা অহা অবৈধ অনুপ্ৰবেশকাৰী সকলে দেশ এৰি নগলে ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি পোষ্টাৰিং কৰিছিল।

উল্লেখযোগ্য যে, মহাৰাষ্ট্ৰত বৰ্তমান চৰকাৰ গঠন কৰি থকা শিৱসেনাৰ এসময়ৰ এগৰাকী গুৰুত্বপূৰ্ণ নেতা আছিল ৰাজ থাকৰে।

শিৱ সেনাৰ প্ৰতিষ্ঠাপক বাল থাকৰেৰ সকলো কাম-কাজ, সভা-সমিতি ৰাজ থাকৰেই পৰিচালনা কৰিছিল।

মহাৰাষ্ট্ৰৰ বৰ্তমানৰ মুখ্য মন্ত্ৰী উদ্ধৱ থাকৰে শিৱসেনাত যোগদান কৰাৰ পাছতে ৰাজ থাকৰে শিৱসেনাৰ পৰা ওলাই আহি মহাৰাষ্ট্ৰ নৱ নিৰ্মাণ সেনা নামৰ এটা নতুন ৰাজনৈতিক দল গঠন কৰিছিল।

Related News