মণিপুৰত “নতুন হিংসাত্মক” ঘটনাৰ মাজতে ৫ দিনৰ বাবে কৰ্তন মোবাইল ইণ্টাৰনেট সেৱা

প্রতিনিধিত্বমূলক ফটো।

চুৰাচান্দপুৰ জিলাত সংঘটিত নতুন হিংসাত্মক ঘটনাৰ পৰিপ্ৰেক্ষিতত মণিপুৰ চৰকাৰে ৫ দিনৰ বাবে মোবাইল ইণ্টাৰনেট/ডাটা সেৱা বন্ধ কৰাৰ নিৰ্দেশ দিছে।

মেইটেই/মিটেই সম্প্ৰদায়ক অনুসূচিত জনজাতি (এছটি) তালিকাত অন্তৰ্ভুক্ত কৰাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি এটছুমে (ATSUM) আয়োজন কৰা এক সমাৱেশৰ সময়ত এই হিংসাত্মক ঘটনা সংঘটিত হয়।

বুধবাৰ ৩ মে’ তাৰিখৰ এক চৰকাৰী নিৰ্দেশনাত কোৱা হৈছে যে মণিপুৰ ৰাজ্যৰ অধিকাৰক্ষেত্ৰত শান্তি আৰু শৃংখলাৰ বিঘ্নিত কৰিব পৰা ঘটনা ৰোধ কৰিবলৈ মোবাইল ডাটা সেৱা স্থগিত ৰখাটো প্ৰয়োজনীয়।

লগতে পঢ়ক:অভাৱনীয়! বিদ্যালয়ৰ ১৪ বছৰীয়া ছাত্ৰই পিতৃৰ বন্দুকেৰে গুলীয়াই হত্যা কৰিলে ৮ জন শিক্ষাৰ্থীক

এই নিৰ্দেশনাত সকলো মোবাইল সেৱা প্ৰদানকাৰীক নিয়ম মানি চলাটো নিশ্চিত কৰিবলৈ কোৱা হৈছে আৰু অহা পাঁচ দিনলৈ এই আদেশ বলবৎ থাকিব।

সংহতি পদযাত্ৰা শান্তিপূৰ্ণ আছিল যদিও মণিপুৰৰ বুংমুৱালত বনবিভাগৰ বিট কাৰ্যালয় জ্বলাই দিয়াৰ লগতে প্ৰতিবাদকাৰীয়ে টায়াৰ জ্বলাই দিয়াৰ বিচ্ছিন্ন খবৰ পোৱা গৈছে।

মণিপুৰৰ জনজাতীয় সংগঠনসমূহে মেইটেই/মিটেই জনগোষ্ঠীক এছ টি তালিকাত অন্তৰ্ভুক্ত কৰাৰ বিৰোধিতা কৰি এই পদযাত্ৰাৰ আয়োজন কৰিছিল।

গৃহ বিভাগৰ নিৰ্দেশনাটোত লিখা হৈছে, “কিছুমান সমাজ বিৰোধী শক্তিয়ে জনসাধাৰণৰ আবেগক উচটনি দিয়া ছবি, ঘৃণামূলক ভাষণ আৰু ঘৃণামূলক ভিডিঅ’ বাৰ্তাৰ বিয়পোৱাৰ বাবে ছ’চিয়েল মিডিয়াক ব্যাপকভাৱে ব্যৱহাৰ কৰি আছে।”

লগতে পঢ়ক: পুটিনক হত্যাৰ লক্ষ্যৰে ইউক্ৰেইনে ক্ৰেমলিনত চলাইছে ড্ৰ’ন আক্ৰমণ! অভিযোগ ৰাছিয়াৰ

নিৰ্দেশনাটোত কোৱা হৈছে, “ছ’চিয়েল মিডিয়াও উৰাবাতৰিৰ বাবে এক সহজ আহিলা হৈ পৰিছে আৰু সাধাৰণ জনতাক উচটনি দিবলৈ ব্যৱহাৰ কৰা হৈছে যাৰ ফলত মণিপুৰ ৰাজ্যখনৰ আইন-শৃংখলাৰ পৰিস্থিতিৰ ওপৰত গুৰুতৰ প্ৰভাৱ পৰিব পাৰে।”