NORTHEAST NOW (Assamese)

অচিৰেই ২৫ শতাংশ বৃদ্ধি হ’ব পাৰে মোবাইলৰ বিল! শুল্ক বৃদ্ধিৰ এই কাৰণ কি?

May 15, 2024 8:54 am · এন ই নাও নিউজ, গুৱাহাটী
Updated: May 15, 2024 10:05 am
প্ৰতিনিধিত্বমূলক ফটো।

চহৰ আৰু গ্ৰামাঞ্চলৰ গৰিষ্ঠসংখ্যক লোকৰ জীৱনত এতিয়া মোবাইল ফোন অপৰিহাৰ্য হৈ পৰিছে। পণ্যৰ মূল্য বৃদ্ধিৰ বজাৰত ইমানদিনে সকলোৰে নিয়ন্ত্ৰণত আছে মোবাইল বিল।

অৱশ্যে অচিৰেই জিঅ’, এয়াৰটেল, ভোডাফোন আইডিয়াৰ দৰে টেলিকম কোম্পানীয়ে মোবাইলৰ বিলৰ শুল্ক বৃদ্ধি কৰিবলৈ ওলাইছে। সূত্ৰ অনুসৰি এই শুল্ক একেবাৰতে ২৫ শতাংশ বৃদ্ধি পাব পাৰে। লোকসভা নিৰ্বাচনৰ পিছতে এই শুল্ক বৃদ্ধি কৰা হব বুলি জানিব পৰা গৈছে।

শেহতীয়াকৈ দালাল সংস্থা এক্সিছ কেপিটেলৰ এক প্ৰতিবেদনত এই কথা প্ৰকাশ পাইছে। কিন্তু এই শুল্ক বৃদ্ধিৰ কাৰণ কি?

লগতে পঢ়কঃ চৰকাৰক সমালোচনা কৰাৰ বাবেই কাৰণ দৰ্শোৱা জাননী লাভ কৰিলে বিজেপি নেতা অশোক শৰ্মাই

‘এক্সিছ কেপিটেল’ৰ শেহতীয়া প্ৰতিবেদন অনুসৰি গ্ৰাহকৰ সুবিধাৰ্থে শেহতীয়াকৈ সকলো টেলিকম কোম্পানীয়ে ৫জি সেৱা আৰম্ভ কৰিছে। প্ৰতিটো সংস্থাই ইয়াৰ বাবে বিপুল পৰিমাণৰ বিনিয়োগ কৰিব লাগিব। সেই ধন সংগ্ৰহৰ বাবে টেলিকম কোম্পানীসমূহে মোবাইলৰ বিলৰ শুল্ক বৃদ্ধি কৰাৰ কথা চিন্তা কৰিবলৈ আৰম্ভ কৰিছে।

জনা যায় যে ২০১৯ চনৰ ছেপ্টেম্বৰৰ পৰা ২০২৩ চনৰ ছেপ্টেম্বৰৰ ভিতৰত টেলিকম কোম্পানীসমূহে মোবাইল বিলৰ শুল্ক তিনিগুণ বৃদ্ধি কৰিছিল। কিন্তু যোৱা বছৰৰ ছেপ্টেম্বৰৰ পৰা ৫জি সেৱাৰ বাবে টেলিকম কোম্পানীসমূহে বিপুল পৰিমাণৰ বিনিয়োগ কৰিবলগীয়া হৈছে। সেইবাবেই এইবাৰ আকৌ ম’বাইলৰ বিলৰ শুল্ক বৃদ্ধি কৰা হ’ব।

এই মুহূৰ্তত মানুহৰ যোগাযোগৰ অন্যতম মাধ্যম হৈছে মোবাইল ফোন। কেৱল ফোনত কথা পতাই নহয়, ভিডিঅ’ কলৰ পৰা আৰম্ভ কৰি অনলাইন কাম-কাজলৈকেও সম্পন্ন কৰা হয়। এই পৰিস্থিতিত মোবাইল বিলত ২৫ শতাংশ শুল্ক আৰোপ কৰিলেও গ্ৰাহকৰ সংখ্যাৰ বিশেষ পৰিৱৰ্তন নহ’ব বুলি টেলিকম কোম্পানীসমূহে ধাৰণা কৰে।

লগতে পঢ়কঃ বজালীত অতিৰিক্ত উপায়ুক্তৰ স্বাক্ষৰ জাল কৰাৰ অভিযোগত গ্ৰেপ্তাৰ অধিবক্তা

তেওঁলোকৰ মতে, যোৱা কেইবছৰমানৰ পৰা যিদৰে সকলো বস্তুৰ মূল্য বাঢ়িছে, তাৰ তুলনাত মোবাইলৰ বিলৰ মূল্য বিশেষ বৃদ্ধি হোৱা নাই। বৰঞ্চ গ্ৰাহকে পূৰ্বতকৈ উন্নত সেৱা লাভ কৰিছে। 

Related News