হ্ৰাস পাব মোবাইল ফোনৰ দাম : নতুন বাজেটে কি কি চাপ কমালে ৰাইজৰ?
দাম কমিব মোবাইল ফোনৰ। আজি কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কেন্দ্ৰীয় বাজেটত মোবাইল ফোনত আমদানি শুল্ক হ্ৰাস কৰাৰ কথা ঘোষণা কৰে। ইয়াৰ ফলত মোবাইলৰ মূল্য হ্ৰাস পাব।
ইয়াৰ উপৰিও এইবাৰ বাজেটত সোণ, ৰূপ, তাম, প্লেটিনাম, লিথিয়াম বেটাৰী, চামৰাৰ সামগ্ৰী, সাগৰীয় খাদ্যৰ ওপৰত আমদানি শুল্ক হ্ৰাস কৰাৰ কথা উল্লেখ কৰা হৈছে। অৰ্থাৎ এই সামগ্ৰীসমূহৰ দামো হ্ৰাস পাব।
ইয়াৰ লগতে এইবাৰ বাজেটত জীৱন ৰক্ষাকাৰী তিনিটা কেন্সাৰ ঔষধৰ ওপৰতো শুল্ক ৰেহাই দিয়া হৈছে।
সংসদত ২০২৪-২৫ বৰ্ষৰ বাজেট দাখিল কৰি নিৰ্মলা সীতাৰমণে কয়, ‘চৰকাৰে ৩ টা কেন্সাৰ ঔষধক শুল্কৰ পৰা ৰেহাই দিব। মোবাইল ফোন, চাৰ্জাৰ আৰু অন্যান্য মোবাইল আনুষংগিক সামগ্ৰীৰ বেচিক ডিউটিও হ্ৰাস কৰা হ’ব।”
বাজেটত সোণ-ৰূপৰ আমদানি শুল্ক ৬ শতাংশ হ্ৰাস কৰা হৈছে। ইয়াৰ পূৰ্বে সোণৰ ওপৰত ১৫ শতাংশ আমদানি শুল্ক আছিল।
বাজেটত ঘোষণা কৰা অনুসৰি, প্লেটিনামৰ আমদানি শুল্ক ৬.৪ শতাংশলৈ হ্ৰাস কৰা হৈছে। যিকোনো তামৰ সামগ্ৰীৰ আমদানি শুল্ক ৪ শতাংশ হ্ৰাস কৰা হৈছে। অৰ্থাৎ এই বাজেটৰ পিছত সোণ-ৰূপৰ দাম বহু পৰিমাণে হ্ৰাস পাব পাৰে বুলি অনুমান কৰিব পাৰি।
আনহাতে, চৰকাৰে এমোনিয়াম নাইট্ৰেটৰ ওপৰত ১০ শতাংশ আৰু জৈৱ-বিঘ্নিত নোহোৱা প্লাষ্টিকত ২৫ শতাংশ শুল্ক বৃদ্ধি কৰাৰ কথা ঘোষণা কৰিছে। টেলিকম সামগ্ৰীৰ ওপৰতো বৃদ্ধি কৰা হৈছে শুল্ক।
বিত্তমন্ত্ৰীয়ে নিৰ্মলা সীতাৰমণে ঘোষণা কৰে যে এই বাজেটৰ জৰিয়তে বুদ্ধ গয়া, ৰাজগীৰ আৰু নালন্দাক সজাই তোলা হ’ব।
উল্লেখ্য যে ২০২৪-২৫ বিত্তীয় বৰ্ষত কৃষি খণ্ডলৈ ১.৫২ লাখ কোটি টকা আবণ্টন দিয়া হৈছে।
লগতে, মহিলাসকলে সম্পত্তি ক্ৰয় কৰিলে ৰেহাই পাব ষ্টাম্প শুল্ক।