NORTHEAST NOW (Assamese)

গুৱাহাটীত ৬৭ টা মোবাইলসহ ৰেইলৱে আৰক্ষীৰ জালত বহিঃৰাজ্যৰ দুজন লোক

October 2, 2019 6:50 pm · কল্পজ্যোতি শইকীয়া
Updated: October 2, 2019 6:54 pm

গুৱাহাটী ৰেইলৱে ষ্টেশ্যনত উঠিছে ভিন্ন কোম্পানীৰ মোবাইল ফোনৰ উজান। কিয়নো ৬৭ টা মোবাইলসহ ৰেইলৱে আৰক্ষীৰ জালত পৰিছে দুজন বহিঃৰাজ্যৰ দুজন লোক। ধৃত লোক দুজনৰ নাম ক্ৰমে আব্দুছ ছাত্তাৰ(৪৯) আৰু ছাহাবুদ্দিন শেইখ(৪০)।

ধৃত ব্যক্তি দুজনৰ ঘৰ পশ্চিমবংগৰ মালদাত বুলি ৰেইলৱে আৰক্ষীয়ে জানিবলৈ দিয়ে।

ৰেইলৱে আৰক্ষীৰ সূত্ৰই জনোৱা অনুসৰি ধৃত লোক দুজনে জব্দকৃত ৬৭ টাকৈ চুৰি মোবাইল নগাঁৱৰ পৰা মালদালৈ বিক্ৰীৰ বাবে নিয়াৰ কথা আছিল। তেওঁলোকে মোবাইলকেইটা তিনিটাকৈ বেগত ভৰাই আনিছিল বুলি ৰেইলৱে আৰক্ষীয়ে জনায়।

মোবাইলসহ গুৱাহাটী ৰেইলৱে আৰক্ষীয়ে আটক কৰা লোক দুজন

লোকদুজনে নগাঁৱৰ পৰা মোবাইল ফোনকেইটা লৈ গুৱাহাটী ৰেইলৱে ষ্টেশ্যনৰ ২ নং প্লেটফৰ্মত ৰৈ থকা অৱস্থাত ৰেইলৱে আৰক্ষীয়ে গোপন সূত্ৰৰ খবৰৰ ভিত্তিত দুপৰীয়া প্ৰায় ১ বজাত মোবাইলসহ দুয়োকে আটক কৰে।

বাতৰি লিখা সময়লৈকে লোকদুজনক ৰেইলৱে আৰক্ষীয়ে নিজৰ জিম্মাত ৰাখি অধিক তথ্যৰ বাবে সোধা-পোচা চলাই আছে।

জব্দ কৰা চুৰি মোবাইল কেইটাৰ প্ৰতিটোৰ বজাৰ মূল্য ১০ হাজাৰৰ পৰা ২৫ হাজাৰ পৰ্যন্ত হ’ব বুলি অনুমান কৰি ৬৭ টা মোবাইল ফোনৰ বজাৰ মূল্য প্ৰায় ৮ লাখ টকা হ’ব বুলি ৰেইলৱে আৰক্ষীয়ে জানিবলৈ দিয়ে।

Related News