ভ্ৰাম্যমাণ নাট্যজগতৰ বলিষ্ঠ অভিনেতা শংকৰ চক্ৰৱৰ্তীৰ জি এম চি এইচত শেষ নিশ্বাস ত্যাগ

ভ্ৰাম্যমাণ নাট্য জগতৰ বলিষ্ঠ অভিনেতা শংকৰ চক্ৰৱৰ্তীয়ে শুকুৰবাৰে নিশা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিটেলত শেষ নিশ্বাস ত্যাগ কৰে।

মৃত্যুৰ সময়ত অভিনেতা গৰাকীৰ বয়স আছিল মাত্ৰ ৪৮ বছৰ।

কিডনীৰ ৰোগত আক্ৰান্ত শংকৰ চক্ৰৱৰ্তীক চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ পাছত তেওঁৰ শৰীৰত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণো ধৰা পৰিছিল।

শংকৰ চক্ৰৱৰ্তীক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিটেলৰ আই চি য়ুত ৰখা হৈছিল যদিও কালি নিশা তেওঁ শেষ নিশ্বাস ত্যাগ কৰে।

প্ৰাগজ্যোতিষ, শংকৰদেৱ, মুকুন্দ, বৰদৈছিলা, কহিনুৰ আদিৰ দৰে ভ্ৰাম্যমাণ নাট্যজগতৰ আগশাৰীৰ নাট্যদলৰ বহুসংখ্যক মঞ্চসফল নাটকত অভিনয় কৰি দৰ্শকক আমোদ দিয়া শংকৰ চক্ৰৱৰ্তীয়ে মৃত্যুৰ সময়ত ইহ সংসাৰত পত্নী আৰু এবছৰীয়া কন্যা সন্তানক এৰি থৈ যায়।

প্ৰতিভাৱান অভিনেতা গৰাকীৰ অকাল বিয়োগত নলবাৰীৰ লগতে অসমৰ নাট্যজগতত শোকৰ ছাঁ পৰে।