জাজৰি আৰক্ষীৰ জালত বহিঃৰাজ্যৰ পৰা মোবাইল চুৰি কৰা দুৰ্ধৰ্ষ মহিবুৰ
নগাঁৱৰ জাজৰি আৰক্ষীয়ে আজি এক গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাই এটা দুৰ্ধৰ্ষ ম’বাইল চোৰ আটক কৰিবলৈ সক্ষম হয়। আটকাধীন দুৰ্ধৰ্ষ চোৰটোক জাজৰিৰ মহিবুৰ ৰহমান বুলি চিনাক্ত কৰা হৈছে।
কেৰালাৰ পৰা বহুকেইটা ম’বাইল চুৰি কৰি বিক্ৰী কৰা ঘটনাৰ লগত জড়িত মহিবুৰক জাজৰী আৰক্ষীয়ে আজি জাজৰি বাছ আস্থানৰ পৰা আটক কৰিবলৈ সক্ষম হয়।
আৰক্ষীয়ে মহিবুৰৰ পৰা ৭ টা ম’বাইল ফোনৰ লগতে ১৭ টাকৈ মোবাইল ক’ভাৰো উদ্ধাৰ কৰে।
পূৰ্বৰে পৰা বিভিন্ন অপৰাধজনিত কাৰ্যত লিপ্ত হৈ থকা মহিবুৰৰ বিৰুদ্ধে বহিঃৰাজ্যতো কেইবাটাও অপৰাধজনিত গোচৰ ৰুজু হৈ আছে বুলি জানিব পৰা গৈছে।
ইতিমধ্যে জাজৰি আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত গোচৰ পঞ্জীয়ন কৰি মহিবুৰক জে’ললৈ প্ৰেৰণ কৰিছে।