Drunk & Hit Case: চিকিৎসক নৱনীল বৰুৱাক ৰাজকন্যাই দিয়া ভাবুকি ভৰা whatsapp msg… কি আছিল ডিজিপিৰ ভূমিকা?

Navaneel -Rajkainya

Drunk & Hit Case: পোহৰলৈ আহিছে ৰাজকন্যা বৰুৱাই জ্যেষ্ঠ চিকিৎসক নৱনীল বৰুৱাক দিয়া ভাবুকি ভৰা whatsapp msg… য’ত ৰাজকন্যাই আত্মহত্যা কৰাৰ ভাবুকি দিছিল চিকিৎসক নৱনীল বৰুৱাক। ৰাজকন্যাই GNRC ৰ ওপৰৰ মহলাৰ পৰা জঁপিয়াই আত্মহত্যা কৰাৰ ভাবুকি দিছিল।

ইপিনে, ৰাজকন্যাক চিকিৎসালয়ৰ ICU ত ভৰ্তি কৰাৰ পূৰ্বে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তৰ সৈতে চিকিৎসক নৱনীল বৰুৱাই ১১ মিনিট টেলিফোনিক বার্তালাপ কৰিছিল বুলি বাতৰি প্ৰকাশ পাইছে।

আনকি সাংবাদিক অতনু ভূঞাইয়ো এই সন্দৰ্ভত DGP ASSAM POLICE ক MENTION কৰি টেগ কৰি টুইট কৰিছে।

এই সন্দৰ্ভত আমাৰ সাংবাদিকে কথা পাতিছিল চিকিৎসক ডঃ নৱনীল বৰুৱাৰ সৈতে। তেওঁক সোধাত আৰক্ষীৰ তদন্তৰ খাতিৰত এতিয়া একো কথা নকওঁ বুলি উল্লেখ কৰাৰ লগতে দুদিনমান পাছত সবিস্তাৰে সকলো প্ৰকাশ কৰাৰ কথা স্পষ্ট কৰে।

প্ৰশ্ন হৈছে “১১ মিনিট সময় আৰক্ষী সঞ্চালক প্ৰধানৰ সৈতে কি কথা পাতিছিল চিকিৎসক ডঃ নৱনীল বৰুৱাই?

আৰক্ষীৰ জেৰাত এই কথা উল্লেখ কৰাৰ পাছতে বা কল ৰেকৰ্ড জমা দিয়াৰ পাছতে কিয় হঠাৎ তদন্ত সামৰি বাসগৃহলৈ যাবলৈ দিয়া হ’ল নৱনীল বৰুৱাক?

যদি প্ৰকৃততে নৱনীল বৰুৱাই DGP ক ফোন কৰি সবিশেষ জনাইছিল, তেন্তে ফোন কৰাৰ পাছতে SEMI ICU কেনেকৈ লাভ কৰিলে মডেল ৰাজকন্যাই?

সমগ্ৰ ঘটনাৰ এক উচিত তদন্ত হ’ব নে? নে ৰৌ বৰালি ওলোৱাৰ ভয়ত যৱনিকা পেলোৱা হ’ব ৰাজকন্যা আখ্যানৰ?